বহু যুদ্ধৰ সাক্ষী, বহু যুদ্ধত বিজয়ধ্বজা উৰুওৱা যুদ্ধ বিমান MIG-21-এ আজি শেষবাৰৰ বাবে উৰিল ভাৰতৰ আকাশত ভাৰতীয় বায়ুসেনাৰ চতুৰ্থ স্কোৱাড্ৰনৰ পৰিচয়স্বৰূপ মিগ-২১ বাইচন ফাইটাৰ এয়াৰ ক্ৰাফটসমূহ। মঙলবাৰে ৰাজস্থানৰ বাৰমাৰ অঞ্চলৰ উত্তৰলাই চহৰৰ আকাশত শেষবাৰৰ বাবে উৰে MIG-21 বাইচন। এই উড়নৰ সময়ত MIG-21ৰ কাষ কাষে উৰিছিল SU-30 MKI বিমান। উল্লেখ্য যে
প্ৰকৃতিৰ ৰম্যভূমিত বিভোৰ হ’বলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজা উপস্থিত হ’বহি কাজিৰঙাত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত অহা ৪ নৱেম্বৰত উপস্থিত হ’বহি ভূটানৰ ৰাষ্ট্ৰ প্ৰধান গৰাকী৷ দুদিনীয়া ভ্ৰমণসূচীলৈ কাজিৰঙাত উপস্থিত হ’বলগীয়া ভূটানৰ ৰজাক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলা প্ৰশাসন৷ আনহাতে বিদেশী ৰাষ্ট্ৰখনৰ ৰজাৰ
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। গুজৰাটত উপস্থিত হৈ নৰ্মদা নদীৰ ওপৰত নিৰ্মিত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তী ‘ষ্টেচু অৱ ইউনিটিত’ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে। গুজৰাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। এই উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। দেশৰ সামৰিক বাহিনীৰ তৰফৰ
গোৱালপাৰাৰ ধূপধৰা গুলিয়ানপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ, বলেৰ’ বাহন আৰু স্কুটীৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় বলেৰ’ৰ চালকজন। আনহাতে, গুৰুতৰভাৱে আহত হয় ৬গৰাকী লোক। আহতকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথপাৰাত খেদি খেদি আটক কৰে দুজন পিষ্টলধাৰী দুৰ্বৃত্তক। দুৰ্বৃত্ত দুটাৰ পৰা তিনি জাঁই সজীৱ গুলীসহ এটা 7.65 MM পিষ্টল আৰু এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে। বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া ড০ স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত চলিছিল এই অভিযান। পিষ্টলধাৰী দুৰ্বৃত্তক দুজন ক্ৰমে ছফিকুল