নিউজ ব্যুৰ’,নগাঁও,২৬অক্টোবৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা ঐতিহ্যমণ্ডিত মহাৰজত জয়ন্তী স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ সৰ্বভাৰতীয় আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। আজিৰ উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটাপাপ্ৰক,স্বৰ্ণ কণ্যা হিমা দাসৰ লগতে অসম ফুটবল
নিউজ ব্যুৰ’,নগাঁও,২৬অক্টোবৰ:–নগাঁও জিলাৰ কামপুৰৰ বিশিষ্ট ব্যৱসায়ী, সাংস্কৃতিক কৰ্মী,সমাজ সেৱক,ক্ৰীড়া সংগঠক তথা ছবি প্ৰযোজক কমল বৰাৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে । জানিব পৰা মতে,জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ বহুদিনৰ পৰা গুৱাহাটীত চিকিৎসাধীন হৈ আছিল কমল বৰা। কিছুদিন পূৰ্বেই বৰাক গুৱাহাটীৰ পৰা কামপুৰস্থিত নিজ বাসগৃহলৈ অনা হয়। বৃহস্পতিবাৰে পুৱা কামপুৰৰ শান্তিপট্টিস্থিত নিজ বাসগৃহতেই
অৰুণাচলত ভূমিস্খলনৰ ঘটনা, পাহাৰৰ মাটি খহি পৰাত ভয়ংকৰ পৰিস্থিতি 🔷 বালেমু-খালাকটাং পথত ভূমিস্খলনৰ ঘটনা 🔷 ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ 🔷 মঙলবাৰৰ পৰা আবদ্ধ বহু যান-বাহন 🔷 পথটো মুকলিৰ বাবে স্থানীয় তথা প্ৰশাসনৰ চেষ্টা অব্যাহত
সুৰা বিক্ৰীত সৃষ্টি হ’ল অভিলেখ! দুৰ্গাপূজাৰ শেষৰ তিনিদিনত গুৱাহাটীত বিক্ৰী ২২.৫ কোটি টকাৰ সুৰা। এই তথ্য জনাইছে আবকাৰী বিভাগে।
ক’লে- ৫০ বছৰতকৈ অধিক কাল ইজৰাইলে পেলেষ্টাইনক দখল কৰি থকাৰ বাবেই হামাছে কৰিলে এই আক্ৰমণ। এন্টনিঅ’ গাটাৰেছৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ইজৰাইল। সমুখ সমৰত এইবাৰ ইজৰাইল আৰু ৰাষ্ট্ৰসংঘ। ইয়াৰ মাজতে ইৰাণে এণ্টি মাৰিছে যুদ্ধত।