Advertisement

আপোনাৰ হাড়ৰ বিষ আছে নেকি ? যদি আছে তেন্তে কৰক এই তিনিটা কাম

আপোনাৰ হাড়ৰ বিষ আছে নেকি ? যদি আছে তেন্তে কৰক এই তিনিটা কাম

বৰ্তমান যুগত এনেকুৱা বহু মানুহ আছে যাৰ হাড়ৰ বিষ আছে। হাড়ৰ বিষৰ ফলত বহুতো শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰাই যায় আৰু নিজকে অসুস্থ অনুভৱ কৰে। আজি আমি জানিবলৈ চেষ্টা কৰিম এনে কেইটামান কামৰ বিষয়ে যিকেইটা ব্যৱহাৰ কৰিলে হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। তেন্তে এইকেইটা কামৰ বিষয়ে জানো আহক।

১/ ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰক, যদি আপোনাৰ হাড়ৰ বিষৰ সমস্যা আছে তেন্তে ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰক। কাৰণ শৰীৰত ভিটামিন ডিৰ পৰিমাণ কমিলে হাড়ৰ বৃদ্ধিত বাধা আহি পৰে।যাৰ ফলত হাড়ত বিষ আৰম্ভ হয় আৰু ব্যক্তিজনে অসুস্থ অনুভৱ কৰিবলৈ লয়। ভিটামিন ডিৰ বাবে আপুনি কণী, গাখীৰ আদি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। এইবোৰত ভিটামিন ডি ৰ পৰিমাণ অধিক থাকে।

২/ কেলছিয়াম যুক্ত খাদ্য গ্ৰহণ কৰক, যদি আপোনাৰ হাড়ৰ বিষৰ সমস্যাই দেখা দিছে তেন্তে আপুনি কেলছিয়াম যুক্ত আহাৰ গ্ৰহণ কৰক। কাৰণ আমাৰ শৰীৰত কেলছিয়ামৰ অভাৱে হাড়ৰ বিষ উৎপন্ন কৰে আৰু ব্যক্তিজনক ভাগৰুৱা আৰু অসুস্থ অনুভৱ কৰায়। কেলছিয়ামৰ বাবে আপুনি গাখীৰ, বাদাম আদি খাব পাৰে।  এইবোৰত কেলছিয়ামৰ পৰিমাণ অধিক পোৱা যায়।

৩/ নিয়মীয়াকৈ ব্যায়াম কৰক, হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক। কাৰণ ব্যায়াম কৰিলে আমাৰ শৰীৰৰ মাংসপেশীবোৰত হেঁচা প্ৰয়োগ হয়। যাৰ ফলত শৰীৰত তেজৰ প্ৰবাহ  সঠিক ভাবে হয়। যাৰ বাবে মানুহৰ হাড়ৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। সেইবাবে যদি কোনো ব্যক্তিৰ হাড়ৰ বিষৰ সমস্যা আছে তেন্তে তেওঁ এই কাম কৰাটো নিতান্তই প্ৰয়োজন।  আপুনি ইচ্ছা কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ সহায় ল’ব পাৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Shahnawaz Hamza

Related