Kamrup Metro জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ পল্লৱ গোপাল ঝাৰ

Kamrup Metro জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ পল্লৱ গোপাল ঝাৰ

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে নতুনকৈ নিযুক্তি দিয়া ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পল্লৱ গোপাল ঝাই সোমবাৰে মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে, পল্লৱ গোপাল ঝাই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । বিভিন্ন সময়ত ডিব্ৰুগড় জিলাত কৰি থকা সুকীয়া কামৰ বাবে প্ৰায়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল উপায়ুক্ত গৰাকী ৷

শেহতীয়াকৈ, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ তেওঁৰ বদলি হোৱাত বিভিন্ন দল সংগঠনে তেওঁক বিদায় জনোৱা দেখা গৈছিল ৷ আনহাতে, কামৰূপ মহানগৰ জিলাৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগুক ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি ঝায়ে মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে ।

আদৰণিমূলক সভাত তেওঁ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তকে ধৰি বিষয়াসকলৰ লগত চিনাকি হয় ।

GTM Desk