fbpx

অসমৰ পৰা বৰাক উপত্যকাক বিচ্ছিন্ন কৰিব লাগে বুলি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ কৰা মন্তব্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই ।

ড৹ নগেন শইকীয়াৰ বক্তব্যক কঠোৰ সমালোচনা কৰি পৰেশ বৰুৱাই কয়, ‘মূৰৰ বিষ হ’লেই মূৰটো কাটি পেলাব নেকি । ড শইকীয়াৰ মন্তব্য অতি জঘন্য ৷ ড৹ শইকীয়াৰ দৰে গণ্যমান্য ব্যক্তিয়ে এনে মন্তব্য কৰিব নালাগে ৷ নিজৰ মন্তব্যতে তেওঁ নিজৰ গৰিমা ম্লান কৰিছে ৷ ড° শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খোজিব লাগে।’

অসমৰ ক্ষেত্রত প্ৰদীপ দত্ত ৰায়ৰ দৰে লোকৰ কোনো অৰিহনা নাই বুলি উল্লেখ কৰি পৰেশ বৰুৱাই কয়,’ প্ৰদীপ দত্ত ৰায়ৰ কথা মতেই অসম নচলিব । বৰাকত অসমীয়া চলিবই । বাংলা ভাষা সহযোগী ভাষাহে ৷ কাছাৰত কছাৰী ৰজাৰ ৰাজত্ব আছিল । কাছাৰক আমি বাংলা ভাষীৰ হাতত এৰি নিদিওঁ, লাগিলে কছাৰী নাইবা মণিপুৰীয়ে ৰাজত্ব কৰিব ।’

উল্লেখ্য যে, শেহতীয়াকৈ বৰাকত অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ চলিছে । অসমীয়া ভাষাত লিখা চৰকাৰী বেনাৰত ক’লা ৰং সানি বৰাক উপত্যকাত কোনো পধ্যেই অসমীয়া ভাষাক মানি নোলোৱাৰ হুংকাৰ দিছে একাংশ বাঙালী সংগঠনে । আনকি অসমীয়া জাতীয়তাবাদকো তুচ্ছ তাচ্ছিল্ল কৰিছে সংগঠন কেইটাই ।

যাকলৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । তাৰ মাজতে শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছিল বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ।

error: Content is protected !!