গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ

গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ

গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ।সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰা হ’ব।পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য ।

গুৱাহাটী মহানগৰৰ ৰাজপথত ৰাজ্যৰ পৰিবহন বিভাগে বন্ধ কৰিব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ ৷আনকি সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰিব ৰাজ্যৰ পৰিবহন বিভাগে৷ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি এই কথা জানিবলৈ দিয়ে৷

বিটিচিৰ কোকলাবাৰীত পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে,”গুৱাহাটী মহানগৰৰ ৰাজপথত চলিব বিদ্যুত চালিত বাছ৷ সম্প্ৰতি মহানগৰীত বিশ খন বিদ্যুত চালিত বাছ চলি আছে৷অচিৰেই গুৱাহাটী মহানগৰলৈ আহিব দুশখন বিদ্যুত চালিত বাছ৷ এই বাছ সমূহ আহিলেই মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাছ। প্ৰদূষণ মুক্ত কৰাৰ বাবে সকলোৱে বাছসমূহ চিএচজি নাইবা বিদ্যুত চালিত কৰিব লাগিব৷” উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰা হ’ব বুলিও তেওঁ কয়৷

GTM Desk

Related