বহি: ৰাজ্যৰ গাহৰিয়ে উজনিৰ বজাৰ ভৰা; বিপদত থলুৱা গাহৰি পালক ।

0 min read

টীয়কৰ প্ৰতিবেদক ২৯ ডিচেম্বৰ /২২

পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে অসমৰ একাংশ যুৱকে চাকৰিৰ পাছত নদৌৰি খেতিখোলা তথা পশুপালন, মীনপালন আদিকে জীৱন জিৱীকাৰ মূল বৃত্তি হিচাপে লোৱা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত চৰকাৰক বা বিভাগসূহেও এইসকল কৰ্মোদ্যমী যুৱকক সহায়ৰ বাবে ন ন আঁচনিৰ প্ৰস্তত কৰিছে।

কিন্তু এতিয়া বিপাঙত পৰিছে বিশেষকৈ উজনিৰ ক্ষুদ্ৰ গাহৰিৰ পালকসকল।কিয়নো বৰ্তমান গাহৰিৰ মূল্য নিচেই কম,বজাৰত যদিও চাহিদা অধিক তৎসত্বেও এইসকল পালকে নাপাই উচিত মূল্য।যাৰ বাবে এতিয়া বাৰুকৈ চিন্তিত এইসকল গাহৰি পালক।এই সংবাদ চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ কাষত এদল যুৱকে কৰা গাহৰি পামৰ। উল্লেখযোগ্য যে বৰদিন,নৱবৰ্ষ তথা মাঘ বিহুৰ সময়ত গাহৰিৰ মাংসৰ চাহিদা অধিক বৃদ্ধি পোৱা দেখা যায় আৰু এইকেইটা দিনতে পালকে দুপইচা পোৱাৰ আশা কৰে।কিন্তু উত্তৰ প্ৰদেশ,পাঞ্জাৱ,হাৰিয়ানাকে ধৰি বহি: ৰাজ্যৰ পৰা গাড়ীয়ে গাড়ীয়ে গাহৰি অহাৰ ফলত থলুৱা গাহৰিৰ মূল্য হ্ৰাস হোৱাৰ লগতে চাহিদাও কমি গৈছে।অৱশ্য চুৱাইন ফ্লুৰ সময়ত বহি: ৰাজ্যৰ পৰা গাহৰিৰ আমদানি কৰাৰ ক্ষেত্ৰত পশুপালন বিভাগে বন্ধ কৰিছিল যদিও আজিৰ তাৰিখত উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেদি নিতৌ সৰবৰা হৈছে গাহৰিভৰ্তি ট্ৰাক।যিহেতু অসমৰ গাহৰিৰ পালকসকলে অসমত প্ৰয়োজনীয় গাহৰিৰ মাংসৰ চাহিদা পুৰণ কৰিব পাৰে সেয়ে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা তৎকালীনভাৱে চৰকাৰক গ্ৰহণ কৰি আহ্বান জনাইছে টীয়কৰ চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ কাষত এদল গাহৰি পামৰ যুৱ পালকে।

You May Also Like

More From Author