21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত নাম নাই অসমৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

Assamese Newsদেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত নাম নাই অসমৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

“দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম নাই। ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যবোৰহে। দেশত ঋণ লোৱাৰ শীৰ্ষত আছে কেৰেলা ৰাজ্য।” আজি বিধানসভাৰ চৌহদত অসমে ঋণ লোৱা প্ৰসংগত সোচ্ছাৰ হোৱা বিধায়ক অখিল গগৈক এনেদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই।

বিধায়ক অখিল গগৈক উভতি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে, দেশত ঋণ লোৱাৰ শীৰ্ষ আছে কেৰেলা, পঞ্জাৱ, পশ্চিম বংগৰ দৰে ৰাজ্য। ঋণ লোৱাৰ তালিকাত অসম বহুত পিছুৱাই আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ সাংবাদিকৰ আগত কয় যে, ৰাজ্য চৰকাৰে এফআৰবিএম এক্ট আৰু আৰবিআই গাইডলাইন মতেহে ঋণ লৈ আছে। নিয়ম মতে অসম চৰকাৰে যিমান ঋণ ল’ব পাৰে প্ৰত্যেক বছৰে আজিলৈকে সিমান পৰিমাণৰ ঋণ লোৱাই নাই। এনেবোৰ নিয়মৰ কথা বিধায়ক অখিল গগৈয়ে জানিও নজনাৰ ভাও ধৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

এফালে চৰকাৰে ঋণ লোৱা কাৰ্যৰ প্ৰতিবাদ, আনফালে ঋণৰ টকাৰে অখিল গগৈয়ে নিজা সমষ্টিত উন্নয়নমূলক কাম হোৱাটোও বিচাৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আন বিধায়কসকলতকৈ বেছি টকাহে বিচাৰে বিধায়ক অখিল গগৈয়ে। ঋণৰ টকাৰে সমষ্টিৰ কাম কৰিবলৈ কোৱা অখিল গগৈয়ে ঋণ নল’বলৈ কোৱা কথাৰ ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!