ৰহাত বানৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

1 min read

বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পত জমাহোৱাত পানী শ্লুইচ গেটেদি এৰি দিয়াৰ ফলত কপিলী নদীৰ লগতে দাঁতিকাষৰীয়া নদী সমূহত অত্যাধিক জলপৃষ্ঠ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি হোৱাত কাৰ্বি আংলং, হোজাইৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বানে তীব্ৰ ক্ষতি কৰিছে।এই বানে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহচক্ৰত বৃহতভাৱে ক্ষতি কৰিছে। ইতিমধ্যে কঠিয়াতলি-কামপুৰ সংযোগী পথ তীব্ৰ বানপানীৰ বাবে যাতায়ত বন্ধ হৈ পৰা লগতে চাপৰমুখ-কামপুৰ সংযোগী পথতো এককাঁল পৰ্যন্ত পানী হোৱাত চলাচল বন্ধ হৈ পৰে। তদুপৰি বাঢ়নী পানীয়ে আজি ৰহা-চাপৰমুখ সংযোগী পথৰ ওপৰেদি তীব্ৰ বেগে পানী বাগৰি যোৱাত যাতায়ত ৰুদ্ধ হৈ পৰিছে। ইয়াৰ লগতে কালি আবেলিৰ পৰা ৰহা এক নং ৱাৰ্ডত কলং নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল বুৰাই পেলাইছে।তদুপৰি চাপৰমুখ বি,বি হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখেদি বাঢ়নী পানী তীব্ৰ বেগেৰে বাগৰি যাতায়ত প্ৰায় ৰূদ্ধ কৰিছে। শেহতীয়া খবৰ মতে ৰহা খাইগড় দূৰ্গাজানত কলঙ নদীৰ বাঢ়নী পানীয়ে দূৰ্গাজান-দীঘলদৰি সংযোগী পথৰ ওপৰেদি পানী বাগৰি ন ন অঞ্চললৈ বাগৰি পৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলৰ লোককে আতংকিত কৰি তুলিছে। অন্যহাতে ৰহাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শংকিত এলেকা হিচাপে চিহ্নিত গড়মাৰী তিনিসূতিৰ নদীবান্ধ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। প্ৰায় চাৰিকোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলাই থকাৰ সময়ত অহা তীব্ৰ বানে নদী বান্ধটোলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই অনাত বিভাগে অতি তৎপৰতাৰে পানী প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল যদিও তিনিসূঁতিৰ দক্ষিণ দিশটো আজি পুৱা বানপানীৰে বুৰাই পেলাই। উক্ত ঘটনাৰ খবৰ লাভ কৰি পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পিযুষ হাজৰীকা । মন্ত্ৰী গৰাকীয়ে চাপৰমুখ মাৰোৱাৰীপট্টিৰ এটি বানশিবিৰ পৰিদৰ্শন কৰা লগতে ৰহা গড়মাৰী ভয়াৱহ তিনিসূঁতিৰ পাৰত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। তদুপৰি মন্ত্ৰীগৰাকীয়ে তীব্ৰ বেগেৰে বৈ থকা ৰহা-চাপৰমুখ পথৰ বানপানীত নিজে খোজকাঢ়ি গৈ পৰিস্থিতি বুজ লয়। যিটো সময়ত ৰাজ্যৰ এজন বিধায়কে আনৰ বোকোচাত উঠি পানী পাৰ হয় তেনে সময়তে মন্ত্ৰী পিযুষ হাজৰিকাই তীব্ৰবেগী বানপানীকো নেওচি নিজে খোজকাঢ়ি পৰিস্থিতি বুজ লোৱা কাৰ্যই সকলোকে আকৰ্ষিত কৰিছে। মন্ত্ৰী পিযুষ হাজৰিকাৰ ভাষ্য-” যদি মই পানীত যাবই নোৱাৰো তেন্তে মই কিহৰ মন্ত্ৰী!” বুলি কৈ নিজে প্ৰবল সোঁতৰ মাজেদি খোজ কাঢ়ে। তদুপৰি মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত কোনো ব্যক্তিয়ে খাদ্য,পানী, ঔষধ আদি যাৱতীয় সামগ্ৰীৰ বাবে যাতে অসুবিধাত নপৰে তাৰ বাবে জিলা উপায়ুক্তক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।অন্যহাতে ভয়ংকৰ বানৰ কবলৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবলৈ এন,ডি,আৰ,এফ, বাহিনীক ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে।ইয়াৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকাই আন কেইবাটাও বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, জিলা উপায়ুক্ত, ৰহা ৰাজহচক্ৰ বিষয়া ড৹ সোনাশ্ৰী ব্ৰহ্মৰ লগতে বিভাগীয় উৰ্ধতন বিষয়াসকল উপস্থিত থাকে।অন্যহাতে বানৰ কবলত পৰি ডুব গ’ল জলসম্পদ বিভাগৰ ৰহাৰ কাৰ্যালয়। ইয়ৰোপৰি ৰহা ৰাজ্যিক পশু চিকিৎসালয়, ৰহা মীন মহাবিদ্যালয়ৰ চৌহদো পানীত ডুব গৈছে। তদুপৰি কলং নদীৰ পাৰৰ দেউবালি আৰু ফুলগুৰিত পথৰ তলেদি কেইবা ঠাইটো পানী নিগৰি ওলোৱা ঘটনাই সকলোকে আতংকিত কৰি তুলিছে। কিন্তু জলসম্পদ বিভাগে যদিও পানী নিগৰা স্থানত মাটিৰ বস্তা দি ঢাকিব চেষ্টা কৰিছে কিন্তু তেনে কাৰ্যত সন্তুষ্ট হোৱা নাই স্থানীয় ৰাইজ।

You May Also Like

More From Author