খলনায়ক পি কেৰ পলায়ন পৰিক্ৰমা, আনি থকা হৈছে গুৱাহাটীলৈ

1 min read

এসময়ত অপৰাধীক খেদি ফুৰা এছ আই কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্তক আজি অসমলৈ আনি থকা হৈছে অপৰাধী ৰূপে। এয়া ভাগ্যৰ বিড়ম্বনা নে কৰ্মৰ ফল সেয়া প্ৰাক্তন ডি আই জি দত্তইহে ভালকৈ জানিব।

প্ৰিয় নীলা জীনছ আৰু মাখন ৰঙৰ ছাৰ্ট পৰিহিত অৱস্থাত নেপালৰ কাকৰভিটাত গ্ৰেপ্তাৰ কৰা দত্তই নেপালৰ কাঠমাণ্ডুত আত্মগোপন কৰি আছিল। প্ৰথমাৱস্থাত শিলচৰলৈ পলায়ন কৰা দত্তই আৰক্ষীৰ চকুত ধূলি দি পলাই গৈছিল নেপাললৈ। জী-জোঁৱায়েকৰ ঘৰ হিচাপে নেপালখন তেওঁৰ পৰিচিতই আছিল, কিন্তু অসম আৰক্ষীৰ তদন্তকাৰী সংস্থাৰ জাল পাৰ হ’ব নোৱাৰিলে তেওঁ।

বিগত এটা সপ্তাহে ৰাজ্যৰ আইন-শৃংখলা শাখাৰ এডিজিপি জি পি সিঙৰ নেতৃত্বত অনুসন্ধানকাৰী দলে বিচাৰি ফুৰিছিল দত্তক। ভাৰত-নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ’ব নোৱৰাকৈ জাৰি কৰা হৈছিল লুকআউট চাৰকুলাৰ। কিন্তু এনে চাৰকুলাৰ জাৰি হোৱাৰ আগেয়ে দত্তই যোৱা ২৪ ছেপ্টেম্বৰতে পাইছিলগৈ নেপাল।

২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা শিলিগুৰিলৈ পুত্ৰসহ পলায়ন কৰিছিল দত্তই, শিলিগুৰিৰ হোটেল পাৰ্ক হেভেনত জোঁৱায়েকসহ নিশা কটাই ২৪ ছেপ্টেম্বৰত পানীটেংকি হৈ পলায়ন কৰিছিল নেপাললৈ। আজি ইমানদিনে নেপালতে কটোৱাৰ অন্তত পি কে দত্তই বুজি উঠিছিল তেওঁৰ অৱস্থান সন্দৰ্ভত অসম আৰক্ষী অৱগত গৈছে। গতিকে নেপালৰ পৰা পুনৰ আন আত্মগোপনৰ ঠাই বিচাৰি পলাবলৈ চলাইছিল চেষ্টা। কিন্তু এই চেষ্টা বৃথা হ’ল কাকৰভিটাত।

গ্ৰেপ্তাৰ কৰাৰ পিছত পশ্চিমবংগলৈ অনাৰ পিছত অসম আৰক্ষীৰ হাতত গতাই দিয়ে আৰু সম্প্ৰতি গুৱাহাটী অভিমুখে আহি আছে অসম আৰক্ষীৰ মোষ্ট ৱাণ্টেড অপৰাধী পি কে দত্ত।

Pic: NewsLive

News Source: Niyomiya Barta

You May Also Like

More From Author