নাগালেণ্ডত স্থায়ী শান্তি প্রতিষ্ঠা কৰাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ছুমুকিডিমাত আজি এখন নির্বাচনী সমাবেশত এন ডি পি পি-বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই শ্ৰীমোদীয়ে কয় যে নাগালেণ্ডৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিয়েই হৈছে তেওঁৰ চৰকাৰৰ অন্যতম মূল মন্ত্ৰ। বিগত ৯ বছৰত নাগালেণ্ডত চকুত লগা ধৰণে উন্নয়ন হৈছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যখনত সন্ত্ৰাসবাদৰ ঘটনা ৭৫ শতাংশ হ্রাস পাইছে। প্রধানমন্ত্রীয়ে কয় যে নাগালেণ্ডৰ বিভিন্ন অঞ্চলত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে আৰু সমগ্ৰ ৰাজ্যখনৰ পৰাই এই আইন প্ৰত্যাহাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিজেপিয়ে অঞ্চল অথবা ধৰ্মৰ ভিত্তিত কেতিয়াও কোনো লোকৰ প্রতি বৈষম্যৰ ভাব দেখুওৱা নাই বুলি শ্রীমোদীয়ে কয়। বিজেপি ক্ষমতালৈ অহাৰ পিছত প্ৰযুক্তিৰ সহায়ত ৰাজ্যখনত দুর্নীতি বন্ধ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু ৰাজ্যিক বিজেপিৰ নেতাসকলৰ সৈতে এন ডি পি পি-ৰ জ্যেষ্ঠ নেতাসকলেও এই সমাবেশত অংশগ্ৰহণ কৰে।