21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !

Assamese Newsঅগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !

ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা স্থান আজি পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷

শইকীয়াই মানাহ অভয়াৰণ্যৰ কাষত অৱস্থিত ডিম্বেশ্বৰ মুছাহাৰীৰ  ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ উপায়ুক্তৰ যোগেদি স্মাৰক প্ৰেৰণ কৰে।

উল্লেখ্য যে,২৪ ফেব্ৰুৱাৰীত দিনৰ ১০.৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ১ নং ধনশিৰি সুঁতি গাওঁৰ নিবাসী দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহ চৌহদত আৰক্ষী বাহিনীয়ে এজন সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰে।

দৈমাৰীৰ পৰিয়ালক তেওঁলোকৰ নিজা বাসগৃহ খালি কৰিবলৈ আৰক্ষীয়ে বাধ্য কৰাই আৰু তাৰ পিছত কেনাৰাম বসুমতাৰী নামৰ এজন দুৰ্ধৰ্ষ অপৰাধীক আৰক্ষীৰ হাতৰ পৰা পলাব লওতে গুলিওৱা বুলি পুলিচে প্ৰেছৰ জৰিয়তে অৱগত কৰে।

পৰৱৰ্তী সময়ত এই ব্যক্তি জনৰ ফটো বাতৰি-কাকতত দেখা পাই বাক্সা জিলাৰ মানাহ অভয়াৰণ্যৰ ওচৰৰ ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে মৃত ব্যক্তিজন ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী কৰে আৰু পুলিচক তেখেতৰ মৃতদেহ চমজাই দিবলৈ দাবী জনাই।

এতিয়ালৈকে মৃতদেহটো পুলিচে কেনাৰাম বসুমতাৰীৰ বুলি দাবী কৰিলেও নিশ্চিত ভাৱে কেনাৰাম বসুমতাৰীৰ নে ডিম্বেশ্বৰ মুছাহাৰীৰ এই কথা জানিব পৰা হোৱা নাই। ফলত ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে এতিয়াও তেওঁলোকৰ আপোনজনৰ মৃতদেহ সংগ্ৰহ কৰিব পৰা নাই।

গোটেই ঘটনাটো সন্দেহজনক আৰু দিন-দূপৰতে এনেকৈ আৰক্ষীয়ে তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ অপ-প্ৰয়োগ কৰি আইন বহিঃৰ্ভূত ভাৱে এজন লোকক হত্যা কৰা ঘটনাই সমগ্ৰ অসমলৈ এক বিপদৰ সংকেত কঢ়িয়াই আনিছে।

ওদালগুৰি জিলাৰ উপায়ুক্তচাদনেক সিঙক সাক্ষাৎ কৰি তেখেতৰ যোগেদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ ওদালগুৰি জিলাত আৰক্ষীৰ দ্বাৰা সংঘটিত এজন ব্যক্তিৰ হত্যাকাণ্ডৰ বাবে সম্পূৰ্ণ তদন্ত বিচাৰি পত্ৰ স্মাৰক প্ৰেৰণ পত্ৰ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

লগতে নিহত ডিম্বেশ্বৰ মোছাহাৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ইয়াৰ পিছত বাক্সা জিলাৰ হালবাই গাঁৱৰ সমীপত ডিম্বেশ্বৰ মোছাহাৰীৰ গৃহত উপস্থিত হৈ ডিম্বেশ্বৰ মোছাহাৰীৰ পত্নী অতি মুমূৰ্খ অৱস্থাত চেলাইন লৈ থকাৰ ক্ষণত সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় ।

তেওঁৰ কন্যাই মোবাইলত পিতৃৰ মৃতদেহৰ ফটো দেখি পৰিয়ালৰ লোকসহ শনিবাৰৰ পৰা ওদালগুৰিত আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছিল। কিন্তু আৰক্ষীয়ে মৃতদেহটো ডিম্বেশ্বৰ পূৰ্বতে কেনাৰাম বসুমতাৰীৰ বুলি দাবী প্ৰতিপন্ন কৰিবলৈ বিচাৰে।

শেহতীয়াকৈ আজি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ মৃতদেহটো DNA পৰীক্ষাৰ বাবে নিয়া হৈছে বুলি জানিবলৈ পাৰিছোঁ। এই হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনা নহ’বৰ বাবে গুৱাহাটীৰ উচ্চতৰ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই  বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

দেৱব্ৰত শইকীয়াৰ সৈতে উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ক্ৰমে শৈলেন সোণোৱাল আৰু ৰমন ঝা , ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বড়ো, ওদালগুৰিৰ কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়া, বাক্সা জিলা কংগ্ৰেছৰ সভানেত্ৰী চাজিয়া বেগম, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক আৰু দৰং জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী সমন্বিতে বহু দলীয় কৰ্মী ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!