25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ধূলাৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পত্নীসহ গ্ৰেপ্তাৰ!

Assamese Newsধূলাৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পত্নীসহ গ্ৰেপ্তাৰ!

আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা ধূলা কিশোৰী হত্যাকাণ্ডৰে জড়িত তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা সহ বৰাৰ পত্নীক আজি অসম আৰক্ষীয়ে আটক কৰিছে। আজি আবেলিৰ ভাগত বৰাক গুৱাহাটীৰ নিজা আৱাসৰ পৰা আৰক্ষীয়ে আটক কৰে। মনকৰিবলগীয়া যে, দীৰ্ঘদিন ধৰি উৎপল বৰা ধূলাৰ কিশোৰী আৰতী তুৰী হত্যাকাণ্ডৰ চিআইডি গোচৰত কৰায়ত্ব হৈ ন্যায়িক জিম্মাত কটাই জামিনত ওলাই আহিছিল। চিআইডিৰ তদন্তৰ সময়তে বৰাৰ আয়তকৈ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহিছিল। কেবাটাও বেংকত স্হায়ী জমা, বিলাসী বাহন, গুৱাহাটীত মাটি-সম্পত্তিৰ তালিকা দেখি তদন্তকাৰীৰ চকু কপালত উঠিছিল। বৰা যদিও ধূলাকাণ্ডৰ গোচৰত কৰায়ত্ব হোৱাৰ লগতে বিগতবৰ্ষৰ নৱেম্বৰ মাহত উক্ত গোচৰত চিআইডিৰ তদন্তত দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, দলগাৱৰ ৰাজহ চক্ৰ বিষয়া সহ ৩ গৰাকী চিকিৎসক আৰু ধূলা থানাত কৰ্মৰত বৰাৰ গাড়ীচালক সমুদায় ৮ জনকৈ বিষয়া গ্ৰেপ্তাৰ হৈ জেলত দিন অতিবাহিত কৰিব লগা হৈছিল।

উক্ত গোচৰত দীঘলীয়া সময় জেলত কটাই নিজ গৃহলৈ উভতিছিল যদিও এইবাৰ পত্নী দিশা ডেকা বৰা সহ কৰায়ত্ব হব লগা হৈছে একমাত্ৰ আয়তকৈ অধিক সম্পত্তি আহৰণৰ তদন্তৰ বাবে। লক্ষনীয় যে, বিগত বৰ্ষৰ ১১ মে’ৰ দিনা ধূলা থানাৰ সমীপত হুগ্ৰাজুলিৰ আৰতী তুৰী নামৰ কিশোৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল তেজপুৰৰ এচএচবি জোৱান কৃষ্ণ কমল বৰুৱাই। বিষয়টোকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাই চিআইডিৰ তদন্ত ঘোষণা কৰে। লগে লগে আৰম্ভ হোৱা তদন্তত গ্ৰেপ্তাৰ আৰম্ভ হয়। পোনতে ধূলা থানাৰ অচি উৎপল বৰা সহ দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন নিলম্বিত হয়। পাছলৈ এই ৩ গৰাকী আৰক্ষীৰ উপৰিও, সুৰক্ষা বাহিনীৰ জোৱান কৃষ্ণকমল বৰুৱা, মৰণোত্তৰ প্ৰতিবেদনৰ সূত্ৰ ধৰি ৩ চিকিৎসক সহ ইনকেচ ৰিপৰ্টত স্বাক্ষৰ কৰা কাৰ্যবাহী দণ্ডাধীশ আনকি ধনৰ লেনদেনত জড়িত গাড়ীচালককো কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। চিআইডিৰ এই তদন্তৰ সময়তে বৰাৰ গুৱাহাটীৰ মাটি ঘৰ, বেংকৰ জমা আৰু বিলাসী বাহন তথা বিদেশ ভ্ৰমণৰ তথ্য পোহৰলৈ আহে। প্ৰথম অধ্যায়ৰ তদন্তত সম্পত্তি আয়তকৈ অধিক অৰ্জনৰ তদন্ত চলা নাছিল যদিও এইবাৰ সম্পত্তিৰ তদন্তত পুনৰ সপত্নীক আটক হব লগা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!