গাড়ী লৈ গুৱাহাটীত পূজা চাম বুলি ভাবিছে নেকি? জানি লওক এইকেইটা কথা

1 min read

বাইক বা আপোনাৰ চাৰিচকীয়া বাহনখন লৈ দুৰ্গা পূজা চাম বুলি ভাবি আছে নেকি? যদিহে ভাবিছে তাৰ আগতে আপুনি জানিব লাগিব এইসমূহ কথা। নহ’লে আধাবাটতে লাগিব অথন্তৰ। কাৰণ দুৰ্গা পূজাক লৈ যান–বাহন শাখাই জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা।

কোভিড–১৯ৰ বাবে পূৰ্বতকৈ কিছু পৃথক হ’ব এইবাৰৰ পূজা। পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত। প্ৰয়োজন সাপেক্ষে দিছপুৰ থানাৰ অন্তৰ্গত আৰ পি ৰোড এটা  ৱান ৱে’ হ’ব। সচিবালৰ সন্মুখৰ পৰা অহা পথটোৰে অহা বাহনসমূহ হলছেল গলি পথেৰে যাব পাৰিব।

এ টি ৰোড পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য। বেলতলাৰ পৰা জয়ানগৰ পথ ৱান ৱে’। জয়ানগৰ, খানাপাৰা অঞ্চলত থাকিব পাৰ্কিঙৰ ব্যৱস্থা। সামগ্ৰী কঢ়িওৱা সৰু–ডাঙৰ বাহন দিনৰ ১ বজাৰ পৰা পুৱা ৪ বজালৈ বন্ধ থাকিব। পুৱা ৪ বজাৰ পৰা ৭ বজালৈ সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশ কৰিব পাৰিব। চিটিবাছসমূহ পূৰ্বৰ দৰেই চলি থাকিব। মাছখোৱাৰ ASTC বাহনসমূহ ISBT লৈ যাব লাগিব।

You May Also Like

More From Author