জনপ্ৰিয় অভিনেত্ৰী প্ৰীতিকংগনাক ধৰ্ষণ, এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি

0 min read

অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতিকংগনাক ধৰ্ষণ, এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি। দিছপুৰ থানাত অভিনেত্ৰী গৰাকীৰ লগতে স্বামী তথা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে দাখিল কৰিলে এজাহাৰ। এজাহাৰত উল্লেখ কৰা হৈছে যে, ‘বেগম জান’ নামৰ ধাৰাবাহিক খনত অভিনয় কৰাৰ বাবেই অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক ফোন যোগে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰা হৈছে।

সমগ্ৰ বিষয়টো ফেচবুকত উল্লেখ কৰিছে সীমান্ত শেখৰে।
এজাহাৰত দুজন ব্যক্তিৰ দুটা ফোন নম্বৰ সহ সবিশেষ উল্লেখ কৰা হৈছে। অভিযোগমতে এই কেইটা ফোন নম্বৰৰ জৰিয়তে অভিনেত্ৰীগৰাকীক ধৰ্ষণ, এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে।

You May Also Like

More From Author