ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

সামাজিক ব্যৱস্থাত নস্যাৎ কৰি কৰিলে লিংগ পৰিৱৰ্তন । তিনি বছৰ আগতে আৱদ্ধ হৈছিল প্ৰেমত আৰু বৰ্তমান সন্তানৰ অভিভাৱক হোৱাৰ পথত কেৰালাৰ এহাল ৰূপান্তৰিত যুগল।

তেওঁলোকৰ আনন্দৰ এই মুহূৰ্তবোৰ শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত । জিয়া আৰু জাহাদ কেৰালাৰ কোজিকোড চহৰৰ বাসিন্দা। ল’ৰা হিচাপে জন্ম হৈছিল জিয়াৰ। কিন্তু তেওঁ নিজকে হৃদয়ৰ পৰা এজনী ছোৱালী কৰি তুলিছিল।

স্বাৱলম্বী হোৱাৰ পাছত, জিয়াই তেওঁৰ লিংগ সলনি কৰে। জাহাদৰ কাহিনীও সেই একেই । ছোৱালী হিচাপে জন্ম গ্ৰহণ কৰিছিল তেওঁ । কিন্তু মনৰ পৰা সদায় লৰা হ’ব বিচাৰিছিল।

তাৰ পাছত লিংগ সলনি কৰিলে । দুয়োজনে বহুত কঠিন সময়ৰ মাজেৰে পাৰ হ’ব লগা হৈছিল। সেয়ে তিনি বছৰ পূৰ্বে যেতিয়া দুয়ো লগ পাইছিল অতি আত্মীয় অনুভৱ কৰিলে ।

জিয়া আৰু জাহাদে একেলগে থাকিবলৈ আৰম্ভ কৰিলে । জিয়াৰ সপোন আছিল মাতৃ হোৱা আৰু জাহাদৰ পিতৃ হোৱা । অৱশ্যে, যিহেতু জাহাদ জন্মগতভাৱে ছোৱালীয়ে জন্মৰ ভিত্তিত লিংগ সলনি কৰিছিল, সেয়েহে তেঁওয়ে গৰ্ভধাৰণ কৰে ।

জিয়াই দাবী কৰে যে এজন ৰূপান্তৰিত দম্পতী হিচাপে, তেওঁলোক এই দেশৰ প্ৰথম প্ৰাকৃতিক মাতৃ আৰু পিতৃ।

আনন্দৰ এই সময়ছোৱাত তেওঁলোকৰ লগত আছে কিছু বন্ধু আৰু পৰিয়ালৰ সদস্য । তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকে ফটোশ্বুটৰ ফটোসমূহ শ্বেয়াৰ কৰে।

ছবিখনৰ শিৰোনামত জিয়াই কয় যে তেওঁলোকে বহুতো অসুবিধাৰ মাজেৰে যাব লগা হৈছিল। কিন্তু কেতিয়াও হাৰ মানি লোৱা নাছিল।

নতুন জীৱনৰ সপোন দেখিছিল জাহাদে । গতিকে শিশুটিৰ নাম জন্মৰ আগতে ঠিক কৰা হৈছে । জীৱন, এই নাম ৰাখিছে ৰূপান্তৰ যুগলে।

আঠ মাহ সম্পূৰ্ণ হৈছে জাহাদৰ । আৰু মাত্ৰ কিছু সময়ৰ অপেক্ষা । সুস্থ সন্তানৰ জন্ম হোৱাটোৱে আশা তেঁওলোকৰ ।

GTM Desk

Related