Advertisement

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দুই মুল অভিযুক্তক গ্ৰেপ্তাৰ ছিপাঝাৰত

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দুই মুল অভিযুক্তক গ্ৰেপ্তাৰ ছিপাঝাৰত

ৰাজ্য কপাঁই যোৱা গুৱাহাটীৰ পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰে ৷ মঙলদৈৰ ছিপাঝাৰৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে মুই অভিযুক্তক লৈ আৰক্ষী ৰাওনা হয় গুৱাহাটী অভিমুখে ৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত অভিযুক্তৰ নাম সদৰি কৰাৰ পৰা বিৰত আছে ৷

উল্লেখ্য যে, মহানগৰীৰ সদাব্যস্ত পাঞ্জাবাৰীত ২১ নৱেম্বৰত ৰাজপথৰ ওপৰতে দিন দুপৰতে দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক ৷ দুৰ্বৃত্তই বৰাক হত্যা কৰি তেওঁ অহা বাহন খনৰ পৰা লুট কৰি নিয়ে প্ৰায় ৩.৫০ লাখ টকা ৷

চাঞ্চল্যকৰ হত্যাকাণ্ডই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল ৷ অৱশ্যে কিছুদিন পূৰ্বে আৰক্ষীয়ে হত্যাকাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগত ৰিভলভাৰ সহ দুজন যুৱকক মৰিগাঁওত আটক কৰিছিল ৷

কিন্ত অৱশেষত আঢ়ৈ মাহৰ পাছত হত্যাকাণ্ডৰ স’তে জড়িত দুই মুল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰক্ষী ৷

Shahnawaz Hamza

Related