20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

বানত সৰ্বোচ্চ হেৰুওৱা লোকৰ একাউন্টত সোমাল মাত্র ১ টকা

Assamese Newsবানত সৰ্বোচ্চ হেৰুওৱা লোকৰ একাউন্টত সোমাল মাত্র ১ টকা

৬ মাহলৈ মন্ত্রী ৰঞ্জিত দাসে ৰেচন দিম বুলিও মাতিছিল মিছা
প্ৰেছ ক্লাবত সংবাদ মেল পাতি বন্যাৰ্তৰ ক্ষোভ

গুৱাহাটী, ৩ মাৰ্চ :”আমাৰ ঘৰ বাৰী সকলো বানপানীয়ে নোহোৱা কৰিলে। কিন্তু আমি চৰকাৰৰ পৰা একো নাপালো। ৰিলিফ মেনুৱেল অনুসৰি ঘৰ ভাঙিলে পাবলগীয়া প্ৰাপ্য ৯৫,১০০ টকাও আমি নাপালো, তাৰ পৰিৱৰ্তে আমাৰ একাউন্টত সোমাল মাত্র ১ টকাকৈ। মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ৬ মাহলৈ ৰেচন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পিছত এবাৰো খবৰ নললে। আজি ৭ মাহ হৈ গল। স্হানীয় বিধায়ক ফনী তালুকদাৰ আৰু শশীকান্ত দাসৰ কোনো খবৰ নাই। এয়াই হ’ল থলুৱা লোকৰ অসমত দুৰৱস্হা। ৰহা অঞ্চলত বাচন বৰ্তন , কাপোৰ কানি কিনাৰ কাৰণে প্ৰাপ্য ৩৮০০ টকাও আমাক দিয়া নহল। গতিকে আজি বাধ্য হৈ আমাৰ দুখৰ কথা ৰাইজক জনাবলৈ এই সংবাদ মেলৰ আয়োজন কৰিব লগা হ’ল” – এইদৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল পাতি আক্ষেপ কৰে বজালীৰ ভৱানীপুৰৰ মেধিকুছি আৰু নগাঁওৰ ৰহাৰ বান ক্ষতিগ্রস্ত লোকসকলে। বান ক্ষতিগ্রস্তৰ পুনৰসংস্হাপন দাবী সমিতি আৰু কৃষক মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত আজি সংবাদমেলত বান ক্ষতিগ্ৰস্ত লোকসকলে কয় যে, আমাৰ গাঁওসমূহ বহুত উৎপাদনশীল গাঁও আছিল ।

গাওঁৰ কৃষিজীৱি ৰাইজে এই মাটিসমূহক কেন্দ্ৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছিল। ধান উৎপাদনৰ ওপৰিও ঘৰে ঘৰে লাও,জিকা,ভোল ,তামোল পান উৎপাদন হৈছিল। কিন্তু ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ভুটানৰ নিৰ্মীয়মান নদীবান্ধৰ পানী আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ এৰি দিয়া পানীয়ে বানপানীৰ সৃষ্টি কৰি আমাৰ গাঁও সমূহক চিৰদিনৰ কাৰণে ধ্বংস কৰিলে । খেতি পথাৰৰ বিস্তীৰ্ণ এলেকা বালিয়ে পুতি পেলোৱাৰ ফলত আমি এতিয়া খেতি পথাৰত একো কাম কৰিব নোৱাৰো । এতিয়া আমাৰ ঘৰ,শৌচালয় নাই।বিগত জুন মাহৰ পৰা আমি ঘৰহীন ভাবে জীয়াই থাকিব লগা হৈছে। অথচ আমি ইয়াৰে থলুৱা লোক । উল্লেখযোগ্য যে বজালীৰ ভৱানীপুৰৰ মেধিকুছি গাঁওৰ প্ৰায় 20টা পৰিয়ালৰ পকী ঘৰ পৰ্যন্ত পানীৰ সোঁতত ভাঙি গৈছিল। সেই সময়ত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত সৰ্বোচ্চ হেৰুৱা সকলক উপযুক্ত সাহায্য প্ৰদানৰ কথা কৈছিল যদিও মাত্ৰ ৯ টা পৰিয়ালে এক লাখ টকাকৈ লাভ কৰাৰ বাহিৰে বাকী পৰিয়াল সকলে চৰকাৰী সাহায্য পাবলৈ সক্ষম হোৱা নাই । বিগত আগষ্ট মাহত বান ক্ষতিগ্ৰস্ত ১৬টা পৰিয়ালক বজালী জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰশাসনে আয়োজন কৰা বান সাহায্য প্ৰদান অনুষ্ঠানলৈ মাতি ৯৫১০০‌ টকাৰ চেক প্ৰদান কৰা হ’ব বুলি কোৱা হৈছিল । কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত সিদিনা মেধিকুছিৰ কেইজনমান লোকক ৯৫১০০ টকাৰ প্ৰতীকি চেক প্ৰদান কৰি বান সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকতা কৰিছিল। কিন্তু সেই চেক বিতৰণৰ কাৰ্যসূচী আনুষ্ঠানিকতাতেই সীমাবদ্ধ হৈ থাকিল। প্ৰতীকি চেক প্ৰদান কৰি কোৱা হৈছিল যে সিদিনা ১২ বজাৰ ভিতৰত সকলোৰে একাউণ্টত ৯৫১০০ টকাকৈ সোমাৱাই দিয়া হ’ব । ৯৫১০০ টকাৰ বিপৰীতে সোমাল মাত্ৰ ১ টকাহে । তদুপৰি ৬ মাহলৈ খাদ্য-সামগ্ৰী যোগান ধৰিম বুলি দম্ভালি মৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মিছা আস্ফালনহে কৰিছিল। তাৰ পিছত মন্ত্রী ৰঞ্জিত কুমাৰ দাসক দেখাই নোপোৱা হ’ল সেই অঞ্চলসমূহত।কেৱল মাত্ৰ ৩৮০০ টকা প্ৰদান কৰিয়েই ইয়াতেই সকলো দ্বায়িত্ব সামৰিছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । আনহাতে ৰহা অঞ্চলৰ ৰহা, দেউবালি, জাকৰুৱা,দিঘলীয়াটি,পেটবঢ়া,দিঘলদৰী,কাকতিগাঁও আদি গাঁওত বানপানীৰ সময়ত কাপোৰ – কানি, বাচন- বৰ্তন কিনিবলৈ ৰিলিফ মেনুৱেল অনুসৰি পাবলগীয়া ৩৮০০ টকাটোও বহু পৰিয়ালে নাপালে। লগতে ঘৰ ভাঙিলে পাবলগীয়া ৯৫,১০০ টকাটোৰ পৰাটোও বহু পৰিয়াল বঞ্চিত হৈ আছে। সেয়েহে আজি সংবাদ মেল যোগে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য দিবলৈ চৰকাৰক দাবী উত্থাপন কৰে। পুনৰ বানপানী অহাৰ সময় আহিছে, আগৰ ঘৰ ভঙা পইচায়ে চৰকাৰে দিব পৰা নাই, গতিকে আমাৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক কি হব পাৰে – এইদৰে তেওঁলোকে ক্ষোভ উজাৰে। লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে, অলাগতিয়াল কামত চৰকাৰে পইচা খৰছ কৰে, কিন্তু অসমীয়া মানুহৰ গাঁওসমূহেই যদি বাচি নাথাকে তেন্তে সেইবোৰ কামত পইচা খৰছ কৰি কি লাভ। কাইলৈ যদি ঠাই অভাৱত আমি চৰকাৰী মাটি দখল কৰো তেন্তে হিমন্ত বিশ্ব চৰকাৰেই আমাৰ ঘৰৰ ওপৰত বুলডোজাৰ, জেচিবি চলাব। গতিকে আমি দাবী জনাও যে বান ক্ষতিগ্রস্তক চৰকাৰী মাটি ব্যবহাৰৰ বাবে বিশেষ চৰকাৰী নীতি গ্রহণ কৰিব লাগে।
লগতে যদি প্ৰয়োজন হয়, তেন্তে ভৱিষ্যতে প্ৰাপ্যৰ বাবে গণতান্ত্রিক আন্দোলনৰ পথো লব লাগিব বুলি তেওঁলোকে বক্তব্য প্রদান কৰে। উল্লেখযোগ্য যে আজি সংবাদমেলত মেধিকুছি গাঁওৰ পৰা মনোজ তালুকদাৰ, প্ৰাণজিৎ তালুকদাৰ, ডেভিড পাটগিৰি, সীমান্ত তালুকদাৰ, ইশান কলিতা, ৰূপম কলিতা, বান ক্ষতিগ্রস্তৰ পুনৰসংস্হাপন দাবী সমিতিৰ হৈ সুব্রত তালুকদাৰ আৰু কৃষক মহাসভা, অসমৰ হৈ ৰহাৰ পৰা ভাৰতী দেৱী উপস্থিত থাকে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!