১০০ তকৈ অধিক ক’ভিড আক্ৰান্ত লোক থকা জিলাত প্ৰাথমিক বিদ্যালয় বন্ধঃ মন্ত্ৰী ড০ শৰ্মা

১০০ তকৈ অধিক ক’ভিড আক্ৰান্ত লোক থকা জিলাত প্ৰাথমিক বিদ্যালয় বন্ধঃ মন্ত্ৰী ড০ শৰ্মা

অসমত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। পূৰ্বতকৈ জটিল হৈছে ক’ভিড পৰিস্থিতি। শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আজি গুৱাহাটী মেডিকেল কলেজত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমত বৰ্তমান ৪,০৬৯ জন লোক আক্ৰান্ত হৈ চিকিৎসাধিন হৈ আছে। শুকুৰবাৰে ৫৭৩ জন লোক আক্ৰান্ত হৈছে ক’ভিডত। আক্ৰান্তসকলৰ ভিতৰত বেছি সংখ্যকেই ৰে’ল আৰু বিমান যাত্ৰী।

ইপিনে ১০০ তকৈ অধিক ক’ভিড আক্ৰান্তৰ ঘটনা থকা জিলাত প্ৰাথমিক বিদ্যালয় বন্ধৰ সিদ্ধান্ত ল’ব পাৰিব জিলা উপায়ুক্তই।

ইতিমধ্যে ৰাজ্যৰ ৮ খনকৈ জিলাত ১০০ তকৈ অধিক ক’ভিড আক্ৰান্তৰ ঘটনা আছে। সেই জিলাসমূহ হৈছে- কামৰূপ মেট্ৰ’, কামৰূপ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, তিনিচুকীয়া আৰু কাছাৰ।

আনহাতে যিসমূহ জিলাত আক্ৰান্তৰ সংখ্যা কম তাত বিদ্যালয় বন্ধ নহয় বুলিও কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Shahnawaz Hamza

Related