সকলোকে এটা টীম হৈ কাম কৰাৰ আহ্বান প্রমোদ বড়োৰ

0 min read

প্রমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় মিত্রজোঁট চৰকাৰৰ আৰু ছয় গৰাকী নির্বাচিত সদস্যই কার্যবাহী সদস্য হিচাপে আজি শপত গ্রহণ কৰে৷ বিধান পৰিষদীয় ভৱনৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নির্বাচিত সদস্যকেইগৰাকীয়ে কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰে৷ তেওঁলোকক শপতবাক্য পাঠ কৰায় বিটিআৰৰ প্রধান সচিব সিদ্ধার্থ সিঙে৷ উল্লেখ্য যে কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰা ৬গৰাকী নির্বাচিত সদস্যৰ ভিতৰত তিনিগৰাকী ইউপিপিএল আৰু আন তিনিগৰাকী বিজেপি দলৰ৷ ইউপিপিএল দলৰ পৰা কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰা সদস্যসকল হ’ল ক্রমে ৪০ নং ৰৌতা বিটিআৰ পৰিষদীয় সমষ্টিৰ নির্বাচিত সদস্য ড০ নীলুৎ স্বর্গিয়াৰী, ৩২ নং ভেৰগাঁও সমষ্টিৰ নির্বাচিত সদস্য দাওবাইছা বডো আৰু ২৪ নং মুছলপুৰ সমষ্টিৰ নির্বাচিত সদস্য ৰাকেশ ব্রহ্ম৷

আনহাতে বিজেপি দলৰ পৰা শপতগ্রহণ কৰা তিনি কার্যবাহী সদস্য হ’ল ক্রমে ২২ নং নাগ্রিজুলী বিটিআৰ পৰিষদীয় সমষ্টিৰ নির্বাচিত সদস্য ধর্মনাৰায়ণ দাস, ৪ নং যমদুৱাৰ সমষ্টিৰ নির্বাচিত সদস্য ৰেওৰেওৱা নার্জীহাৰী আৰু ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ নির্বাচিত সদস্য সঞ্জিত তান্তি৷ শপতগ্রহণ অনুষ্ঠানত মুখ্য কার্যবাহী প্রমোদ বডোৱে কয় যে বিগত সোতৰ বছৰীয়া অপশাসনৰ পৰিৱর্তন কৰিব বিচাৰিলে সুশৃংখলিতভাৱে ৰাইজৰ কাম–কাজ কৰিব লাগিব৷ বিটিআৰ নতুন পৰিষদীয় চৰকাৰৰ প্রতি ৰাইজৰ বহু আশা–আকাংক্ষা আছে৷ গতিকে অন্তৰৰ পৰা কাম কৰিব লাগিব আৰু উন্নয়নৰ নামত অহা পঁইচাৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্রতি নজৰ দিব লাগিব৷ বিগত সোতৰ বছৰে জলসিঞ্চন, জনস্বাস্থ্য, কৃষি বিভাগত কোনো উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰি প্রমোদ বডোৱে কয় যে কিছুমান স্থায়ী দীর্ঘম্যাদী আঁচনি ল’ব লাগিব৷ যিসকলক কার্যবাহী সদস্য দিব পৰা নাই তেওঁলোককো একো একোটা বিভাগৰ দায়িত্ব দিয়া হ’ব বুলি মন্তব্য কৰি সকলোকে এটা টীম হৈ ৰাইজৰ স্বার্থত কাম কৰিবলৈ আহ্বান জনায় মুখ্য কার্যবাহী প্রমোদ বডোৱে৷ শপতগ্রহণ অনুষ্ঠানত বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বডো, উপাধ্যক্ষ অবিৰাম মহানায়ক, উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰী আৰু প্রায়ভাগ কার্যবাহী সদস্য উপস্থিত থাকে৷

You May Also Like

More From Author