পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত কোকৰাঝাৰত পুনৰ উত্তাল প্ৰতিবাদ

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত কোকৰাঝাৰত পুনৰ উত্তাল প্ৰতিবাদ

ক্ৰমাৎ শান্তিৰ বাতাবৰণ অব্যাহত থকা কোকোৰাঝাৰত পুনৰ পৃথক ৰাজ্যৰ দাবীৰে আন্দোলনৰ হুংকাৰ সদ্য গঠিত সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ ।

সুকীয়া বড়োলেণ্ডৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি বৃহস্পতিবাৰে সদ্য ভূমিস্থ সংগঠনটোৱে কোকৰাঝাৰ শিশু উদ্যানত এই ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ ন’ বড়োলেণ্ড ন’ ৰেষ্ট ,আমাক বড়োলেণ্ড লাগিবই, আমাৰ দাবী নাৰ্য দাবী, আমাক শান্তি লাগিবই আদি শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

সদ্য গঠিত সংগঠনটোৰ সভাপতি ডলিন কুমাৰ ব্ৰহ্মই কয় , এই বৃদ্ধ বয়সত বড়োলেণ্ডৰ বাবে পুনৰ আন্দোলন কৰিবলৈ অহাটো বড়ো ৰাইজৰ বাবে এক মাইলৰ খুটি ৷ অসমৰ পৰা পৃথক হৈ বড়োলেণ্ড গঠন কৰাটো বড়ো ৰাইজৰ প্ৰধান দাবী বুলি উল্লেখ কৰে নেতাজনে ৷

সংগঠনটোৰ সভাপতিজনে আৰু কয় যে, বিগত সময়ছোৱাত পৰ্যায়ক্ৰমে সম্পাদিত বি এ চি , বি টি চি , বি টি আৰ চুক্তিয়ে কোনোদিনে বড়ো ৰাইজৰ আশা পূৰণ কৰিব পৰা নাই। বৰং শেহতীয়াকৈ সম্পাদিত হোৱা বিটি আৰ চুক্তিয়ে বড়ো ৰাইজৰ অধিকাৰ খৰ্ব হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে।

বহু সময় ধৰি ধৰ্ণা -প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অন্তত কোকোৰাঝাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ । উল্লেখ্য যে স্মাৰকপত্ৰত পৃথক বড়োলেণ্ড গঠনৰ দাবী উত্থাপন কৰা হয় ।

GTM Desk

Related