প্রধানমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বেই গুৱাহাটীত ‘মোদী হাটাও দেশ বাচাও’ প’ষ্টাৰ

প্রধানমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বেই গুৱাহাটীত ‘মোদী হাটাও দেশ বাচাও’ প’ষ্টাৰ

 

১৪ এপ্ৰিলত অসমলৈ আহিব প্রধানমন্ত্ৰী মোদী। যাৰবাবে গুৱাহাটীত এখন বিশেষ প’ষ্টাৰ লাগিছে। ‘মোদী হাটাও দেশ বাচাও’…। গুৱাহাটীত মোদী বিৰোধী শ্ল’গানেৰে প’ষ্টাৰিং কৰা হৈছে। গণেশগুৰি উৰণ সেতুৰ তলত এনেদৰেই প’ষ্টাৰিং কৰা হৈছে। পিছে প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বেই মোদী বিৰোধী প’ষ্টাৰিং কিয় লাগিছে গুৱাহাটীত?

উল্লেখ্য যে এই বিশেষ প’ষ্টাৰ লগাইছে আম আদমী পাৰ্টী অসমে। আম আদমীৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্পৰেট গোষ্ঠীৰ হাতত সকলো বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি এই প’ষ্টাৰ লগাইছে।

ইপিনে এই সন্দৰ্ভত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰনীয়াই প্ৰকাশ কৰি কয় যে গণতন্ত্ৰ আছে বাবেই তেওঁলোকে মুকলিকৈ প’ষ্টাৰ লগাইছে। লগতে মোদী থাকিলেহে দেশ থাকিব বুলিও কয় শৰণীয়াই।

GTM Desk

Related