ফটা মানিবেগ পেলাই নিদি এনেকৈ ৰাখিলে হাতলৈ আহিব অধিক টকা

1 min read

মানিবেগৰ বিষয়ে বিভিন্ন তথ্য দিয়া হৈছে জ্যোতিষ শাস্ত্ৰত। মানিবেগত কি ৰাখিলে অধিক টকা আহিব বা কি কি ৰাখিব লাগে বা নালাগে এনে বহু কথা কোৱা হৈছে। অৱশ্যে ফটা বা ভঙা বস্তু যিমান পাৰি পেলাই দিব লাগে, কিন্তু জ্যোতিষ বিজ্ঞানে কয় যে ফটা মানিবেগটো নিজৰ লগত ৰাখিব লাগে। অৱশ্যে ইয়াৰ বাবে কিছুমান বিশেষ নিয়মো মানি চলিব লাগিব।

নিয়ম-

১) ফটা মানিবেগ যিটো হয়টো আপোনাৰ বাবে অতি শুভ, সেইটো পেলাই নিদিয়াকৈ লকাৰৰ এফালে ৰাখিব পাৰি। কিন্তু সেই পুৰণি মানিবেগটো কেতিয়াও খালী নাৰাখিব। এই মানিবেগত কিছু চাউল বা মুদ্ৰা ৰখাটো বৰ শুভ কাম।

২) পুৰণি মানিবেগৰ সকলো বস্তু নতুন বেগত ভৰাই থব, তাৰ পিছত ফটা মানিবেগটো ৰঙা চাদৰেৰে মেৰিয়াই লকাৰত ৰাখক।

৩) পুৰণা মানিবেগত কেইটামান চাউল দিব, তাৰ পিছত সেই চাউল নতুন বেগত ভৰাই দিব। ফলত পুৰণি মানিবেগৰ ধনাত্মক শক্তি সকলো সময়তে নতুন মানিবেগটোত থাকিব।

৪) ফটা মানিবেগটো লগত ৰখাৰ আগতে মানিবেগটো ভালদৰে মেৰামতি কৰি তাত ৰুমাল এখন ৰাখক।

৫) ফটা মানিবেগ কেতিয়াও ডাষ্টবিন বা লেতেৰা ঠাইত পেলাব নালাগে।

৬) মানিবেগত কোনো ধৰণৰ চোকা বস্তু নাৰাখিব।

৭) কোনো কাৰণতে আপোনাৰ মানিবেগটো আন কাকো ব্যৱহাৰ কৰিবলৈ নিদিব।

৮) ঋণৰ ধন কেতিয়াও মানিবেগত ৰাখিব নালাগে।

৯) নোট আৰু মুদ্ৰা পৃথকে পৃথকে মানিবেগত ৰাখিব লাগে। একেলগে নাৰাখিব।

১০) কেতিয়াও টকা মানিবেগত মেৰিয়াই ৰাখিব নালাগে।

 

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত আধাৰিত। ইয়াক বিশ্বাস কৰা/নকৰা আপোনাৰ একান্ত ব্যক্তিগত। Guwahati Times য়ে এই তথ্য আপোনাৰ জীৱনত প্ৰযোগ কৰিবলৈ কেতিয়াও বাধ্য নকৰে।)

You May Also Like

More From Author