ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে বকোত গণসমাৱেশ

ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে বকোত গণসমাৱেশ

আজি বকোত ষষ্ঠ অনুসূচীত অনুৰ্ভুক্ত কৰাৰ দাবীৰে এখন বিশাল গণসভা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভাই। উক্ত সভাত সকলোৱে একেস্বৰে কয় যে আমাক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিব লাগে। আমাক অৰুণোদয়ৰ ১৪০০ টকা নালাগে। আমাক ছিক্স ছিডুল দিয়ক, আমি ৰাভা পৰিয়ালসকলে মাহে ১৪-১৫ হাজাৰ টকা পাব। মহিলাসকলৰ এইখিনি পইচাৰে একো নহয়। গতিকে ছিক্স ছিডুল বিচাৰক, ছিক্স ছিডুল ঘৰে ঘৰে চিলাই মেচিন, গাঁৱে গাঁৱে পকী পথ, খোৱা পানী আৰু ঠায়ে ঠায়ে কলেজ, বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় দিম। এই আন্দোলন অব্যাহত থাকিব।আমি অনাগত দিনত দুধনৈৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰ আৰু খানাপাৰা ফিল্ডলৈ ১২০ কি.মি হাজাৰ হাজাৰ লোকক লৈ খোজকাঢ়ি গৈ প্ৰতিবাদ সাব্যস্ত কৰিম।’‘ এনেদৰে বকোত আয়োজিত বিশাল গণ সমাৱেশত অংশ লৈ শীঘ্ৰে ষষ্ঠ অনুসূচী কাৰ্যকৰী নহলে ভয়ংকৰ আন্দোলন গঢ়ি তোলা হব বুলি কয় মুখ্য কাৰ্য্যবাহী সদস্যগৰাকীয়ে।

GTM Desk

Related