বিশ্ববিদ্যালয়ৰ পিছত মেডিকেল কলেজ : ভয়াৱহ ৰেগিঙৰ ঘটনাই জোকাৰিছে ডিব্ৰুগড়

0 min read

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে এইবাৰ অসম মেডিকেল কলেজত উন্মোচিত হৈছে ভয়াৱহ ৰেগিঙৰ ঘটনা।কনিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অপৰাধত দুজন পিজি ছাত্ৰক ৬ মাহৰ বাবে মেডিকেলৰ পাঠদান আৰু হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে। কনিষ্ঠ ছাত্ৰক অমানুষিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল দুই জেষ্ঠ চিকিৎসক ছাত্ৰই। জানিব পৰা মতে অসম মেডিকেল কলেজৰ অৰ্থপেডিকচ (অস্থি ৰোগ) বিভাগৰ পিজি ছাত্ৰ ডাঃ শ্যাম মুৰ্খাজী আৰু ডাঃ চাকেট শ্ৰুফক মেডিকেলৰ সকলো পাঠদানৰ পৰা ছয় মাহৰ বাবে বহিষ্কাৰ কৰাৰ লগতে আৰু হোষ্টেলৰ পৰা অনিদিষ্ট কাললৈ বহিষ্কাৰ কৰিছে মেডিকেলৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে। অধ্যক্ষ ডাঃ কাকতিয়ে জানিবলৈ দিয়া অনুসৰি অভিযোগ সঁচা বুলি প্ৰমাণিত হোৱাৰ লগে লগেই কোনো দ্বিতীয় সিধান্ত গ্ৰহণ নকৰি পোনচাটেই মেডিকেলৰ পিজি শিক্ষাৰ্থী দুগৰাকীক ৰেগিং আইন অনুসৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।অসম মেডিকেল কলেজৰ এন্টি ৰেগিং কমিটি তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ততালিকে এই সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰে বুলিও অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে অৱগত কৰে। মেডিকেলৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে যোৱা ২১ নৱেম্বৰতে এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে যদিও আজিহে সমস্ত ঘটনা পোহৰলৈ আহে।নিৰ্দেশনা অনুসৰি ৬ মাহৰ বাবে শিক্ষা বৰ্ষৰ পৰাও বহি:স্কাৰ কৰা হৈছে দুয়োজন ছাত্ৰক। জানিব পৰা অনুসৰি তিনিচুকীয়াৰ ডাঃ ছাজিড হুছেইন নামৰ ছাত্ৰ জনক অপসাৰিত উক্ত দুই জেষ্ঠ ছাত্ৰই মেডিকেল কলেজৰ অৰ্থপেডিক বিভাগৰ ভিতৰতে কনিষ্ঠ ছাত্ৰগৰাকীক অমানুষিক শাৰীৰিক আৰু মানসিক নিৰ্যাতনেৰে ৰেগিং চলাইছিল। নিশা বহু দেৰিলৈকে শ্ৰেণীকোঠাত আৱদ্ধ কৰি ৰেগিং কৰাৰ অভিযোগ দাখিল কৰাৰ পাছতে তদন্তত সত্য বুলি প্ৰমাণিত হোৱাত কৰ্তৃপক্ষই নিয়ম অনুযায়ী যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনাৰ পাছত ৭৫ বছৰ গৰকা ঐতিহাসিক অসম মেডিকেলত সংঘটিত এই ঘটনাই পুনৰ জোকাৰি গৈছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্য।

You May Also Like

More From Author