Advertisement

নগাঁৱৰ ৰহা টোলগেটত নিশা কৰ্মচাৰীৰ অতপালি

নগাঁৱৰ ৰহা টোলগেটত নিশা কৰ্মচাৰীৰ অতপালি

ৰহা টোল গেটত প্ৰায়ে টোল কৰ বিচৰাৰ নামত বাহন চালকৰ স’তে কাজিয়া পেছাল লগাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হয় ৷ মঙলবাৰে নিশা ৰহা টোল গেটৰ কৰ্মচাৰীৰ অভদ্ৰামীয়ে চৰম সীমা অতিক্ৰম কৰে ৷ নামি পৰে গুণ্ডামিত ৷ টোল গেটৰ কৰ্মচাৰীয়ে দৌৰাই দৌৰাই প্ৰহাৰ কৰে তিনিজনকৈ লোকক ৷

টোল টেক্স আদায় দিয়াৰ বিনিময়ত বাহন চালকে ২৫০ টকাৰ ৰছিদ বিছৰাৰ বাবেই তিনিজনককৈ লোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰে টোল গেটত নিয়োজিত কৰ্মচাৰীয়ে ৷

কৰ্মচাৰীৰ দলবদ্ধ আক্ৰমণত তেজেৰে তুমৰলি হৈ পৰে তিনিজনকৈ লোক৷ আনকি প্ৰহাৰৰ পৰা হাত সাৰিবলৈ গাড়ী এৰি পলায়ন কৰে আহত তিনিও জন ব্যক্তি ৷

ইতিমধ্যে তিনিও চিকিৎসাধীন হৈ আছে ৷ ৰহা টোল গেটৰ কৰ্মচাৰীৰ আক্ৰমণত আহত হোৱা লোক কেইজন হ’ল হোজাইৰ নীলবাগানৰ ৰায়হান আহমেদ,মৌলানা ফাৰুক আহমেদ আৰু মোস্তাফা আহমেদ৷

তিনিও গুৱাহাটীৰ পৰা নতুন গাড়ী ক্ৰয় কৰি নীলবাগান অভিমুখে গৈ থকা অৱস্থাতে ৰহা টোল প্লাজাত সংঘটিত হয় অবাঞ্চিত ঘটনা ৷

এতিয়া প্ৰশ্ন হয়, নিশা বাহন চালকক কৰ আদায়ৰ নামত গুণ্ডামিত নামি পৰা টোল গেটৰ কৰ্মচাৰীৰ ওপৰত প্ৰশাসনে কিবা ব্যৱস্থা ল’বনে ৷

ইফালে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে নগাঁও আৰক্ষীক বিষয়টোৰ ওপৰত আইনী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

Shahnawaz Hamza

Related