RTI তথ্যত পোহৰলৈ আহিল প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ কোনো ৰেকর্ড নাই পশ্চিম ৰে’লৱেৰ হাতত… – Guwahati Times
August 31, 2020

RTI তথ্যত পোহৰলৈ আহিল প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ কোনো ৰেকর্ড নাই পশ্চিম ৰে’লৱেৰ হাতত…

গুৱাহাটী: ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘দ্যা ৱায়েৰ’ত প্ৰকাশিত খবৰ অনুসৰি, কেন্দ্রীয় তথ্য কমিছনে তথ্য জনাৰ অধিকাৰ (আৰটিআই) আবেদনৰ মাধ্যমেৰে দাবী কৰা প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ সম্পৰ্কে আবেদনৰ আপিল নিষ্পত্তি কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃ এগৰাকী চাহ বিক্ৰেতা হয় নে নহয় ইয়াৰ সত্যটা বিছাৰি ২ বছৰ পূৰ্বে তথ্য জনাৰ অধিকাৰ (RTI) এখন আবেদন কৰিছিল এজন আৰটিআই কৰ্মী তথা হাৰিয়ানাৰ এজন অধিবক্তা পৱন পাৰেখে।

২ বছৰৰ পূৰ্বে, পাৰিকে LiveLaw ৰ এক ৰিপৰ্টৰ ভিত্তিত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃৰ চাহৰ দোকান সম্পৰ্কে জানিবলৈ পশ্চিম ৰে’লৱেক এখন আৰটিআই আবেদন কৰিছিল ।

অধিবক্তাগৰাকীৰ প্রশ্ন আছিল, বডনগৰ ৰে’লৱে ষ্টেছনত প্রধানমন্ত্রীৰ পিতৃ দামোদৰ মোদীৰ চাহৰ দোকানখন কোন সময়ৰ আছিল? তাৰ বাবে কেনে অনুমতি পত্র (লাইছেন্স বা পার্মিট) দিয়া হৈছিল ৰে’লৱেৰ ফালৰ পৰা ? এই সকলো বিষয়ৰ যাৱতীয় নথি-পত্ৰৰ প্রতিলিপিও দাবী কৰিছিল পৱন পাৰিকে।

উল্লেখ্য যে প্রথম আবেদনৰো কোনো উত্তৰ লাভ কৰা নাছিল তেওঁ যাৰ বাবে দ্বিতীয়বাৰ আবেদন কৰে তেওঁ। পাছত চেণ্ট্ৰেল ইনফৰমেছন কমিছনে জনাই যে, এই আবেদনৰ বিষয়ে কোনো ৰেকর্ড তেওঁলোকৰ ওচৰত নাই লগতে আহমেদাবাদ ডিভিজনে সেই সময়ৰ কোনো ৰেকর্ড বজায় ৰাখিবলৈ সক্ষম নাছিল বুলিও তেওঁলোকে জনায় ।

আনহাতে ২০১৫ চনত এক আৰটিআই তথ্যৰ পৰা জনা গৈছিল মোদী যে শৈশৱত ৰে’লৱে প্লেটফর্মত চাহ বিক্রেতা আছিল তাক দেখুৱাবলৈ কোনো ৰেকর্ড নাই।

(With inputs from The Wire)

error: Content is protected !!