- ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ০২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত জুই ।
- জুই-ধোৱাৰ মাজত আতংকিত যাত্ৰী ।
- আতংকিত যাত্ৰীয়ে চেইন টানি ৰখালে ৰাজধানী এক্সপ্ৰেছ ।
- কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত ৰাখিল ৰাজধানী এক্সপ্ৰেছ ।
- ৰাজধানী এক্সপ্ৰেছৰ চকাত জ্বলিছিল জুই ।
- এচি ৩ টায়াৰৰ বি -৭ ডবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত লাগিছিল জুই ।
- সৌভাগ্যক্ৰমে ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিল ৰাজধানী এক্সপ্ৰেছ ।
- স্থানীয় আৰপিএফ , জিআৰপিএফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নুমাবলৈ সক্ষম হয় ।
- ৰাতিপুৱা ১০:০৪ বজাত সংঘটিত হৈছিল উক্ত ঘটনা ।
- জুই নিৰ্বাপনৰ অন্তত ৰাতিপুৱা ১১:০৬ বজাত পুনৰ গন্তব্যস্থান লৈ যাত্ৰা ৰাজধানী এক্সপ্ৰেছ ।
- ভয়ংকৰ ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰাজধানী এক্সপ্ৰেছ ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে যাত্ৰীসকলে ।