fbpx
September 5, 2021

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰালৈ নগাঁও পৌৰসভাৰ জাননী

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰালৈ নগাঁও পৌৰসভাৰ জাননী |
কনিষ্ঠ মহাবিদ্যালয় খনত অনুমতি অবিহনে নিৰ্মাণ কৰা অতিৰিক্ত ৩ টা মহলা ভাঙি পেলোৱাৰ নিৰ্দেশ |
অসমৰ শৈক্ষিক জগতত পৰিচিতহৈ পৰা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা সম্প্ৰতি এক অভাৱনীয় বিপদৰ সন্মুখীন হৈছে।


কনিষ্ঠ মহাবিদ্যালয় খনৰ অধ্যক্ষজনলৈ নগাঁও পৌৰসভাই তেওঁ নীতি বৰ্হিভূত ভাবে নিৰ্মাণ কৰা এটা ছয় মহলীয়া ঘৰৰ তিনিটা মহলা ভাঙি দিবৰ বাবে নিৰ্দেশ দিছে।
নগাঁও পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ জে এছ পথত থকা ৬ মহলীয়া গৃহটোৰ ৩ টা মহলাৰহে নিৰ্মাণৰ অনুমতি নগাঁও পৌৰসভাই প্ৰদান কৰিছিল। কিন্তু নীতিবৰ্হিভূত ভাৱে অতিৰিক্ত ৩ টা মহলা সহ ৬ মহলীয়া গৃহটো দিলীপ বৰাই নিৰ্মাণ কৰিছিল ।
যাৰবাবে নগাঁও পৌৰসভাই ৪,৫ আৰু ৬ এই তিনিটা মহলা অহা ৩০ দিনৰ ভিতৰত ভাঙি পেলাবলৈ নিৰ্দেশ জাৰী কৰিছে।

error: Content is protected !!
%d bloggers like this: