১৮ মে’ত তদন্তৰ বাবে মূল প্ৰৱঞ্চক ৰাণা পগাগক অনা হ’ব মাজুলীলৈ

১৮ মে’ত তদন্তৰ বাবে মূল প্ৰৱঞ্চক ৰাণা পগাগক অনা হ’ব মাজুলীলৈ

 অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাই মাজুলীৰ গড়মূৰ থানা আৰু বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত অৱস্থাত মাজুলীৰ দুগৰাকীকৈ ব্যৱসায়ীৰ লগত তেওঁৰ ভাবী স্বামী ৰাণা পগাগৰ সৈতে অ’ এন জি চিৰ বিষয়া হিচাপে চিনাকি কৰাই কামৰ বিনিময়ত প্ৰৱঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ পিছত প্ৰথমে মাজুলীৰ অজিত বৰা আৰু ৰাম অৱতাৰ শৰ্মা নামৰ দুগৰাকী ব্যৱসায়ীয়ে মূল প্ৰৱঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত দুটাকৈ গোচৰ তৰি এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷

সৎ বুলি নিজকে জাহিৰ কৰি ফুৰা বিশেষকৈ এছ আই ৰাভাৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ দুই ব্যৱসায়ীয়ে দিয়া দুটাকৈ গোচৰ পঞ্জীয়ন হোৱাৰ পিছতেই যোৱা ১২ মে’ত আন এগৰাকী ব্যৱসায়ী ৰঞ্জন কুটুমেও কামৰ বিনিময়ত এছ আই জোনমণিৰ উপদেশ মতে ৰাণা পগাগক ২৫ লাখ টকা ক’ৰ্ট এগ্ৰিমেণ্ট কৰি দিয়াৰ কথা মাজুলী আৰক্ষী থানাত উপস্থিত হৈ বিস্ফোৰণ ঘটাইছিল৷

GTM Desk

Related