ৰঙিয়াত ড্ৰাগছ সহ আটক এজন যুৱক

ৰঙিয়াত ড্ৰাগছ সহ আটক এজন যুৱক

 

ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপৰ বালাগাঁওৰ পৰা এজন যুৱকৰ লগতে কিছু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষীয়ে আজি আবেলি চলোৱা অভিযানাত আটক হোৱা যুৱক জন হৈছে বালাগাঁওৰ আচিক ইলাহী । ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে ৮৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে ।

উল্লেখযোগ্য যে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ড্ৰাগছ নিৰ্মূলৰ প্ৰচেষ্টা অব্যহত ৰাখিছে । ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া বালাগাঁওৰ লগতে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈ শতাধিকতকৈ অধিক ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk

Related