ৰঙিয়াত বহিঃৰাজ্যৰ পৰা অসমলৈ কণীৰ গাড়ীত অহা বৃহৎ পৰিমাণৰ আফিং জব্দ ,আটক দুজন…

ৰঙিয়াত বহিঃৰাজ্যৰ পৰা অসমলৈ কণীৰ গাড়ীত অহা বৃহৎ পৰিমাণৰ আফিং জব্দ ,আটক দুজন…

ৰঙিয়া আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই বৃহৎ পৰিমাণৰ আফিং উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বহিঃৰাজ্যৰ পৰা অসমলৈ অহা এখন ট্ৰাকৰ পৰা উদ্ধাৰ হোৱা আফিং খিনিৰ ওজন ৫.১৬ কেজি ।

চহৰ আৰক্ষীৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাই যোৱা নিশা ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলংৰ সমিপত চলাই এই অভিযান । অভিযানটোত হাৰিয়ানাৰ পৰা অসমৰ কৰিমগঞ্জলৈ কণী কঢ়িয়াই অনা এখন PB -65BC – 5967 নম্বৰৰ এখন ট্ৰাকৰ ইঞ্জিনত লুকাই অনা উক্ত পৰিমাণৰ পাচ পেকেট আফিং উদ্ধাৰ হয় । আৰক্ষীয়ে লগে লগে ট্ৰাকখনৰ চালক পঞ্জাৱৰ সুকু দেৱ আৰু হাৰিয়ানা হেপ্পি সিঙক আটক কৰিবলৈ সক্ষম হয় । ধৃত দুয়োজনকে ৰঙিয়া আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk

Related