ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা কেবাজনৰ

ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা কেবাজনৰ

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া হাইৱে’ চকত ভয়ংকৰ দুৰ্ঘটনা । ৰৈ থকা ট্ৰাকত তীব্ৰ বেগী ট্ৰাকে খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত এজন চালক আহত হয় । ৰঙিয়া হাইৱে’ চকত ৰৈ থকা MH-15-EG-7213 নম্বৰৰ এখন ট্ৰাকত গুৱাহাটী অভিমুখী RJ-11-GC-2547 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । ৰৈ থকা ট্ৰাক খন ঘাইপথৰ পৰা নামি যায় হাইৱে চকৰ তলত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰে । লগে লগে ৰাজস্থানৰ ট্ৰাকখনৰ সন্মুখ ভাগ ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় । দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালকজন আহত হয় ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk