25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ঈদৰ বজাৰ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত…

Assamese Newsঈদৰ বজাৰ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত...

ঈদৰ বজাৰ কৰিবলৈ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত । এদিনৰ ভিতৰতে নিজ ময়মতালিৰে অত্যাধিক হাৰত টিনপাতৰ দাম বৃদ্ধি কৰিছে টিনপাতৰ ব্যৱসায়ীসকলে । সকলো দেখি, শুনিও অধিক মূল্যত টিনপাত ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰঙিয়াৰবাসী । কিয়নো এদিন পূৰ্বে হঠাৎ অহা বৰদৈচিলা আৰু শিলাবৃষ্টিয়ে ৰঙিয়াৰ ধুহিবালা, ডিমু, বালিসত্ৰ, কেন্দুকোনা, বালিসত্ৰ, মৰাণজানা, দ্বাৰকুছি, মাদৈকাটা আদি অঞ্চলত বিস্তাৰ ক্ষতিসাধন কৰিছে । বহু লোকৰ ঘৰ ভাঙি পৰে আৰু অধিকাংশ লোকৰ ঘৰৰ টিন পাতবোৰ চিন্ন ভিন্ন কৰে । ইয়াৰে সম্পূৰ্ণ সুযোগ লাভ কৰিছে ৰঙিয়াৰ টিনপাতৰ ব্যৱসায়ীসকলে । নিজ ময়মতালিৰে টিনপাতৰ অত্যধিক মূল্য লৈছে ভুক্তভোগী গ্ৰাহকসকলৰ পৰা । আন একাংশ ব্যৱসায়ীয়ে আকৌ টিনপাতৰ নাটনি দেখুৱাই ৫০ শতাংশ বঢ়াই দাম নিৰ্ধাৰণ কৰিছে টিনপাতৰ । সেই এতিয়া ভুক্তভোগী গ্ৰাহকসকলে মহকুমা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে । টিনপাত ব্যৱসায়ীসকলক নাকি লগাই টিনপাতৰ দাম নিৰ্ধাৰণ কৰি দিয়ক মহকুমা প্ৰশাসনে । লগতে ধুমুহা আৰু শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য প্ৰদানৰ দাবী জনাইছে চৰকাৰক ।

 

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!