ৰঙিয়াত বৃহৎ পৰিমাণৰ অ’পিয়াম জব্দ। আটক এজন।

ৰঙিয়াত বৃহৎ পৰিমাণৰ অ’পিয়াম জব্দ। আটক এজন।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালে ৰঙিয়াতো আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। সোমবাৰে পুৱাৰ ভাগত এক গোপন সূত্ৰৰ ভিত্তিত, ৰঙিয়া আৰক্ষীয়ে উদিয়ানাৰ লোহিত কলিতা নামৰ এজন লোকৰ ঘৰত নিচাজাতীয় সামগ্ৰী মজুত কৰি ৰখাৰ খৱৰ লাভ কৰিছিল। সেইমতে, লোহিত কলিতাৰ ঘৰত তালাচী চলাই প্ৰায় ১ লাখ টকা মূল্যৰ অ’পিয়াম সহ মোবাইল ফোনৰ লগতে কিছু সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে লোহিত কলিতাৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৰঙিয়া আৰক্ষীয়ে। অধিক তথ্যৰ বাবে লোহিত কলিতাৰ লগত ৰঙিয়া আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।

 

 

GTM Desk