19.8 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

প্ৰকৃতি এফালৰ পৰা ধ্বংস কৰি উন্নয়ন কৰাত উঠি পৰি লাগিছে ৰঙিয়া পৌৰসভা ।

Assamese Newsপ্ৰকৃতি এফালৰ পৰা ধ্বংস কৰি উন্নয়ন কৰাত উঠি পৰি লাগিছে ৰঙিয়া পৌৰসভা ।
গছ ধ্বংসত নামিছে ৰঙিয়া পৌৰসভা । অৰ্ধ শতিকা পূৰণি গছৰ পৰা পথৰ দাঁতিত থকা সকলো গছ কাটি ধ্বংসযজ্ঞ পাতিছে ৰঙিয়া পৌৰসভা কাৰ্যালয়ে । ৰঙিয়াত প্ৰকৃতিৰ বুকুত পৌৰসভাৰ হাতোৰা । নগৰ উন্নয়নৰ নামত কাটি তহিলং কৰিলে ৰঙিয়াবাসীৰ চিৰ পৰিচিত গছ সমূহ । ক্ষোভ উজাৰিলে প্ৰকৃতি প্ৰেমী সমাজ সচেতন মহলে । ৰঙিয়া পৌৰ এলেকাৰ মূল সমস্যৰূপে পৰিগণিত বিদ্ধস্থ আৰু আৱৰ্জনাময় নলা-নৰ্দমাক আওকাণ পৌৰসভাৰ । ৰঙিয়াত পথচাৰীৰ আবেগক আঘাত দিলে পৌৰসভাই । ৰঙিয়াবাসীৰ আবেগক আঘাত হনাক লৈ এতিয়া ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পথচাৰীৰ আবেগ-অনুভূতি জড়িত হৈ থকা বৃক্ষ সমূহক এফালৰ পৰা তহিলং কৰি গৈছে নগৰ উন্নয়নৰ নামত ৰঙিয়াৰ পৌৰ সভাই । এই সমুহ দেখি শুনিও চকু মুদা কুলিৰ ভাওত ৰঙিয়া পৌৰসভাৰ কৰ্তিপক্ষ । এনেদৰে ৰঙিয়া নগৰৰ অতিকৈ পূৰণি গছ সমূহ ধংশ কৰাক লৈ ৰঙিয়াৰ সচেতনন  মহলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে উৎকত গৰমত স্কুলীয়া কণ কণ ছাত্ৰ-ছাত্ৰীৰ উপৰিও অভিভাৱক সকলে জিৰণি লৈছিল শান্তিৰাম লহকৰ শিশু উদ্যানখনত । এই উদ্যান খনত থকাও বহু পূৰণি গছ সমুহ ধংশ কৰাক লৈ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে । ৰঙিয়াবাসীৰ চিৰ পৰিচিত গছ সমূহ ধংশ নকৰি উন্নয়ন কৰিব পাৰি বুলি মত ব্যক্ত কৰে সচেতন মহলে।
ৰিজাউল হাচান,ৰঙিয়া ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!