নাবালিকাক ধৰ্ষণ কৰি বাল্যবিবাহ কৰাই ৰঙাঘৰৰ আলহী হ’ল

নাবালিকাক ধৰ্ষণ কৰি বাল্যবিবাহ কৰাই ৰঙাঘৰৰ আলহী হ’ল

 বৰপেটাৰ এগৰাকী শিশু অধিকাৰ কৰ্মীৰ অভিযোগৰ ভিত্তিত সোমবাৰে আৰক্ষীয়ে বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আটকাধীন লোকজন বৰসুহা গাঁৱৰ চফিক মিঞা বুলি জানিব পৰা হৈছে ৷

বৰসুহা গাঁৱৰ ১৫ বছৰীয়া কিশোৰীগৰাকীক একাংশ মাতব্বৰ আৰু কাজীয়ে বিবাহত বহাৰ বাবে বাধ্য কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল শিশু অধিকাৰ কৰ্মীগৰাকীয়ে ৷ ইপিনে আৰক্ষীয়ে চফিক মিঞাক গ্ৰেপ্তাৰ কৰে যদিও বাল্যবিবাহৰ সৈতে জড়িত মাতব্বৰ আৰু কাজীগৰাকী এতিয়াও মুকলি আকাশৰ তলতে থকা বুলিও অভিযোগ উঠিছে ৷

GTM Desk

Related