সাত খুন মাফ; কিয়নো ধৰ্ষণৰ অভিযুক্ত আই আই টিৰ ছাত্ৰ

1 min read

কেৱল আইআইটিৰ দৰে মৰ্যদা পূৰ্ণ প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ হোৱা বাবেই ধৰ্ষণৰ দৰে ঘৃণনীয় অপৰাধত অভিযুক্ত হৈও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনুকম্পা বুটলা কাৰ্যই চকু কপালত তুলিছে সচেতন নাগৰিকৰ । উল্লিখিত প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ হোৱা বাবেই এখন আদালতে অভিযুক্তক ‘ৰাষ্ট্ৰৰ সম্পদ’ বুলি অভিহিত কৰি জামিনত মুকলি কৰি দিছে।

অভিযোগ অনুসৰি, ২৮ মাৰ্চত আই আই টি গুৱাহাটী(IIT-G)ৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এগৰাকীয়ে নিশা তেওঁৰ প্ৰায় সমবয়সীয়া ছাত্ৰী এগৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই বলাৎকাৰ কৰে । পিছদিনা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ছাত্ৰী গৰাকীৰ যাবতীয় পৰীক্ষা কৰোৱাৰ পিছত সেই কথা প্ৰমাণিত হয় । এই ঘটনা সন্দৰ্ভত স্থানীয় উত্তৰ গুৱাহাটী থানাত এক গোচৰ (গোচৰ নং ৫৩/২০২১) ৰুজু হয় ।

এই গোচৰৰ ভিত্তিত ৩৭৬/৩২৮/৩০৭/১২০৮ ধাৰাত আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে । অভিযোগনামাৰ ভিত্তিতে অভিযুক্ত ছাত্ৰজনৰ বিপৰীতে গোচৰ চলি আছিল আৰু অভিযুক্ত ছাত্ৰজন নায়িক জিম্বাতেই আছিল ।

কিন্তু, অতি লক্ষনীয়ভাবে এই অভিযুক্ত ছাত্ৰ জনক যোৱা ১৩ আগষ্টত জামিন মঞ্জুৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়(Guwahati high court)ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতে কৈছে- “However, as the investigation of the cases is completed and both the informant/ victim girl and the accused are the state’s future assets being talented students pursuing technical courses in IIT, Guwahati, who are young in the age group of 19 to 21 years only further, they are being hailed from two different states.”

মন কৰিবলগীয়া কথা যে, অভিযুক্ত ছাত্ৰজনৰ বিপৰীতে দাখিল হোৱা জামিন আবেদন (১২২৩/২০২১) ৰ শুনানি প্ৰক্ৰিয়াত অভিযুক্তৰ অপৰাধ সন্দৰ্ভত পৰ্যাপ্ত পৰিমানৰ তথ্য দাখিল কৰা হৈছিল । কিন্তু তাৰ‌ পিছতো ধৰ্ষনৰ দৰে এক ঘৃণনীয় অপৰাধত অভিযুক্ত ছাত্ৰ জনৰ পক্ষত আদালতে ‘মেধাবী’ আৰু আই‌আই‌টিৰ ছাত্ৰ হোৱাৰ সুবাদলৈ চাই জামিন মঞ্জুৰ কৰে ৷

এই কাৰ্যই এতিয়া প্ৰতি গৰাকী সচেতন নাগৰিকক স্তম্ভিত কৰিছে । এই নিৰ্দেশনাক লৈ সামাজিক মাধ্যমটো ব্যাপক চৰ্চা আৰম্ভ হৈছে । উল্লেখ্য যে ,অভিযুক্ত ছাত্ৰ জনৰ ঘৰত মহাৰাষ্ট্ৰৰ পূৱ মুম্বাইৰ গকুলধামত । আদালতৰ এনে ৰায়ে আই আই টিৰ চৌহদ(IIT Campus)ত অপৰাধক উৎসাহিত কৰিব বুলিও এতিয়া সৰব চৰ্চা হৈছে ।

You May Also Like

More From Author