ব্যস্ত ৰাজপথৰ মাজত যুৱতীয়ে প্ৰস্তুত কৰিলে Reel; আৰক্ষীয়ে কাটিলে ১৭ হাজাৰ টকাৰ চালান

ব্যস্ত ৰাজপথৰ মাজত যুৱতীয়ে প্ৰস্তুত কৰিলে Reel; আৰক্ষীয়ে কাটিলে ১৭ হাজাৰ টকাৰ চালান

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ স্বাৰ্থত মানুহে যান-বাহনৰ নিয়ম ভংগ কৰিবলৈও কুণ্ঠাবোধ নকৰে। গাজিয়াবাদত এনেধৰণৰ এক ঘটনা পোহৰলৈ আহিছে। এই খণ্ডটোত এগৰাকী ছোৱালীৰ ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁ গাড়ীখন মাজ ৰাস্তাত ৰখাই ৰিল বনাবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ যান-বাহনৰ নিয়ম ভংগ কৰিছিল, তাৰ পিছত তেওঁক যথেষ্ট জৰিমনা বিহা হৈছিল।

আচলতে এই ভিডিঅ’টো গাজিয়াবাদৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে চাহিবাবাদ থানা এলেকাৰ সদাব্যস্ত ৰাজপথত। এই ব্যস্ত পথচোৱাত এই যুৱতীগৰাকীয়ে এটা ৰিল প্ৰস্তুত কৰে আৰু ই যথেষ্ট পৰিমানে ভাইৰেল হয়। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে কিদৰে ছোৱালীজনীয়ে যান-বাহনৰ নিয়ম উলংঘা কৰি ৰাজপথৰ মাজত এই ৰিল প্ৰস্তুত কৰিলে। আনহাতে এই সময়ছোৱাত পথটোত দ্ৰুতগতিত যান-বাহন চলি থকাৰ দৃশ্যও দেখা গৈছে।

 

এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে গাজিয়াবাদ আৰক্ষীয়ে কাৰ্যত লিপ্ত হোৱা যুৱতীগৰাকীৰ ওপৰত ১৭ হাজাৰ টকাৰ জৰিমনা বিহা হয়।

এই ভিডিঅ’টো নিশ্চয় ভাইৰেল হোৱাৰ বাবেই প্ৰস্তুত কৰা হৈছে, কিন্তু ভাইৰেল হোৱাটো তেওঁৰ বাবে ভয়াৱহ হৈ পৰিল। লগতে এই বিষয়ত যুৱতীগৰাকীৰ বিৰুদ্ধে চাহিবাবাদ আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলিও জনায়।

GTM Desk