বাৰেবাৰে গৰম কৰি আহাৰ খালে হ’ব পাৰে বিপদ, জানেনে কিয়?

1 min read

গৰম গৰম খাদ্য বহুতৰেই পছন্দ। বিশেষকৈ ঠাণ্ডা দিনত খোৱা আহাৰ কম সময়তে ঠাণ্ডা হৈ যায়। আৰু বাৰে বাৰে ৰান্ধি থকাতকৈ কিছুলোকে এবাৰতে বেছি পৰিমানে ৰান্ধি থয়। পাছত সেয়া গৰম কৰি কৰি খায়। কিন্তু আপুনি জানেনে, কিছুমান খাদ্য বাৰেবাৰে গৰম কৰি খালে হ’ব পাৰে বিপদ! লগতে সেই খাদ্যৰ পুষ্টিগুণ হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাই কেন্সাৰৰ দৰে সমস্যাৰ।

ডিমঃ প্র’টিনেৰে ভৰপুৰ ডিম বহু সময় একলগে বেছি পৰিমাণে ৰান্ধি ৰাখি আৰু পুনৰ গৰম কৰি খালে তাত থকা প্র’টিন ভাঙি যায় যি বিষাক্ত। বিশেষকৈ সিদ্ধ বা ভজা ডিম পুনৰায় গৰম কৰি খালে হজমৰ সমস্যাও হয়।

পালেং শাকঃ এই শাকত প্রচুৰ পৰিমাণে নাইট্রেট আৰু আয়ৰন থাকে। বাৰেবাৰে গৰম কৰিলে পালেং শাক থকা নাইট্রেট, নাইট্রাইট আৰু অন্যান্য কেন্সাৰৰ জীবাণু উৎপাদনকাৰী পদার্থৰ জন্ম দিয়ে।

মুৰ্গীৰ মাংসঃ মুৰ্গীৰ মাংস ৰান্ধি ৰেফ্রিজাৰেটাৰত ৰাখি পুনৰায় গৰম কৰি খালে, তাত থকা প্র’টিনৰ বৈশিষ্ট্য পৰিৱর্তন হয়। যাৰ ফলত হজমৰ সমস্যা হ’ব পাৰে। ইয়াৰোপৰি মাংসত থকা নাইট্রেটক একত্রিত কৰি নাইট্রোছেমিন তৈয়াৰ কৰে। যি কেন্সাৰ হোৱাৰ কাৰণ হিচাপে বিবেচিত।

আলুঃ বহু খাদ্যৰ লগতেই আলু সংযোজন কৰি ৰন্ধা হয়। আলু থকা যিকোনো খাদ্যই বাৰেবাৰে গৰম কৰি খালে সেয়া খুবেই অস্বাস্থ্যকৰ। আলুত প্রচুৰ পৰিমাণে কার্বোহাইড্রেট আৰু তাপ সংবেদনশীল ভিটামিন যেনে- ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি আছে। হজমৰ সমস্যাৰ লগতেও ইয়াৰ ফলত উৎপন্ন হ’ব পাৰে ক্ষতিকাৰক বেকটেৰিয়া।

You May Also Like

More From Author