গৰুড় পুৰাণ ৰহস্যঃ হিন্দু ধৰ্মত কিয় মৃতদেহ দাহ কৰা হয়?
মৃত্যু হ’ল জীৱনৰ অন্ত। পৃথিৱীত জন্ম লোৱা প্ৰতিটো প্ৰাণীৰে মৃত্যু অনুবাৰ্য। এয়া হৈছে পৃথিৱীৰ কঠিন সত্য। কিন্ত আমি সকলোৱে বেছি ভয় কৰো সেই মৃত্যুক। আমি এই সত্যৰ পৰা সদায় পলাবলৈ চেষ্টা কৰোঁ। এই মৃত্যুৰ ৰহস্য ১৮ৰ হিন্দু পুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণত সবিস্তাৰে উল্লেখ আছে।
গৰুড় পুৰাণত উল্লেখ অনুসৰি পক্ষীৰাজ গৰুড়ে কৰা প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই উত্তৰ দিছিল , “হে গৰুড় , যেতিয়া মানুহ কৰ্ম কৰি কৰি মৃত্যুৰ দুৱাৰদলিৰ ওচৰ চাপে তেতিয়া তেওঁৰ দেহত নানান ৰোগৰ উৎপত্তি ঘটে , মৰণশীল মানুহ লাহে লাহে মৃত্যুৰ পৰ্যায় পাই। কিন্তু তেতিয়ালৈকে মানুহৰ জীৱন জীয়াই থকাৰে ইচ্ছা ভৰপূৰ হৈ থাকে আৰু সেই জীয়াই থকাৰ ইচ্ছাৰ বাবেই মানুহৰ মন দুখী হয় আৰু অন্তিম সময়ত তেওঁ এক ঐশ্বৰিক পৰিঘটনা প্ৰত্যক্ষ কৰে যত তেওঁ সকলো মানুহক একেই দেখে।”
ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল- “যি মনুষ্যই জীৱনৰ শেষ পৰ্যন্ত মিছা কথা নকয়, কাৰো সৈতে চলনা নকৰে আৰু ভগৱানৰ প্ৰতি পূৰ্ণ আস্থা ৰাখে সেই মনুষ্যই সুখপূৰ্বক এই পৃথিৱী ত্যাগ কৰে; বিপৰীতে যি মানুহ নাস্তিক হয়, মিছা কথা কয়, চলনা কৰে সেই মনুষ্য মৃত্যুৰ সময়ত অন্ধকাৰ পৰিবেশত বন্দী হৈ যায়।”
শ্ৰীকৃষ্ণই আৰু কৈছিল- “কোনো লোকৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে নশ্বৰ দেহ ঘৰৰ কিছু ওখ ঠাই অলপ গোবৰেৰে মচি তিল আৰু কুশ দি তাৰ ওপৰত মৃতদেহ শুৱাই ৰাখিব লাগে, তেনে কৰিলে মৃত শৰীৰৰ সমস্ত পাপ নষ্ট হৈ যায় কিয়নো তিল হৈছে অতি পবিত্ৰ, সেয়ে তিল প্ৰয়োগ কৰিলে অশুভ শক্তি আৰু অসুৰ দানৱৰ পৰা ৰক্ষা পোৱা যায়। ইফালে কুশ দেহৰ নোমৰ পৰা তৈয়াৰ কৰা হৈছে যিয়ে মৃত আত্মাক স্বৰ্গ লোকলৈ লৈ যায়, কুশৰ মূল ভাগত ব্ৰহ্মা , মধ্যভাগত বিষ্ণু আৰু অগ্ৰভাগত ভগৱান শিৱৰ অৱস্থান আৰু যদি মৃতদেহ গোবৰ দি মচি নিদিয়া ঠাইত ৰখা হয় তেতিয়া মৃতদেহ ৰ ওপৰত পিশাস আৰু ৰাক্ষসৰ দৃষ্টি পৰে। লগতে মৃত শৰীৰক শুৱাই দিয়াৰ সময়ত মৃতদেহৰ মুখত পঞ্চৰত্ন দিয়া উচিত কিয়নো পঞ্চৰত্নই মৃতদেহৰ সকলো পাপ ভষ্ম কৰি আত্মাক মুক্তিৰ পথলৈ লৈ যায় আৰু সেই নিয়ম যদি ভালদৰে পালন নকৰে তেতিয়া প্ৰেতাত্মাই মৃতদেহত প্ৰৱেশ কৰিব পাৰে আৰু তেনে হবলৈ পালে আত্মাই মুক্তি নাপায়; তাৰ পিছৰ নিয়ম হৈছে পৰিয়ালৰ কোনো সদস্যই মৃতদেহৰ মুখত তুলসী পাত আৰু গঙ্গাজল দিব লগতে কোনো শোক নকৰাকৈ সেই মৃতদেহৰ ওচৰত বহি ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰিব লাগে। কাৰণ যেতিয়াই কাৰোবাৰ মৃত্যু হয় তেতিয়া যমৰাজে তেওঁৰ দূতক পঠিয়াই দিয়ে আৰু হৰিনাম জপ নকৰা আত্মাক অতি সোনকালে তেওঁৰ ওচৰলৈ লৈ যাবলৈ আদেশ দিয়ে।”
সকলো বিধি সম্পূৰ্ণ কৰাৰ পিছত গৃহস্থই মৃতদেহ বাঁহৰ চাঙত তুলি শ্মশানলৈ লৈ যায় যত মৃতদেহৰ বিধিপূৰ্বক দাহ সৎকাৰ কৰা হয় । গৰুড় পুৰাণ অনুসৰি যদিহে কোনো মৃতদেহৰ দাহ সৎকাৰ কৰা নহয় তেতিয়া আত্মাই পূৰ্বজ ঋণৰ পৰা মুক্তি নাপায় আৰু সেই আত্মা সদায় পৃথিৱীতে বিচৰণ কৰি থাকিব ।