সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী

সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী

সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী

“শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। ”

ভাৰতীয় মহাকাব্য
ৰামায়ণ আৰু মহাভাৰত ইত্যাদিত  জীৱনটো জিয়াবলৈ প্ৰয়োজন হোৱা সৰু সৰু লাগতিয়াল বহু দিশ সন্নিবিষ্ট কৰা আছে।শাস্ত্ৰত উল্লেখ কৰা অনুসৰি মানৱ জীৱনৰ কিছু কিছু সৰু সৰু দিশক চালি-জাৰি যায় পালন কৰিলে ভৱিষ্যত জীৱন শান্তিৰে অতিবাহিত কৰিব পাৰে।

শ্ৰীমদ্ভাগবত গীতাৰ পঞ্চম অধ্যায়ৰ ২৪নং শ্লোকটো অনুসৰি যিজন লোকে নিজৰ আত্মাক উপলব্ধি কৰে লগতে নিজক বুজি জীৱনত আগুৱাই যায় তেৱেঁই ব্ৰহ্মাণ্ডত নির্বাপিত হোৱাৰ সাৰ্থকতা লাভ কৰে।অৰ্থাৎ নিজক ব্ৰহ্মাণ্ডৰ শীৰ্ষ পৰ্যায়ত উপনীত হবলৈ কৰা ক্ৰিয়াই আমাক সু-স্বাস্থ্য,দীৰ্ঘায়ু,মানসিকভাবে সবল কৰি তোলে।
গীতাৰ বাণীৰে নিবদ্ধ কিছু কৰণীয় বিস্তৃত ৰূপত দাঙি ধৰা হল-
প্ৰথম কৰণীয় হৈছে-ব্ৰহ্মসময়ৰ ক্ৰিয়া।সূৰ্য্য উদয়ৰ ৪৮মিনিট পূৰ্বৰ পৰা সূৰ্য উদয় হোৱাৰ ৩ঘণ্টা ব্যাপী ব্ৰহ্ম সময় আখ্যা দিয়া হৈছে।উক্ত সময়তে ব্যক্তি এগৰাকীয়ে নিদ্ৰা ত্যাগ কৰি ঈশ্বৰৰ ভক্তিত বিলীন কৰিবলৈ সক্ষম হলে,ভগৱানে মনৰ সকলো নিবৃত্তি অনায়াসে পাৰ কৰা দেখা যায়।তদুপৰি ব্ৰহ্মসময়তে মানৱ দেহৰ পিনীয়াল গ্ৰন্থিৰ পৰা মেলাটনিন নামৰ হ’ৰমন নি:সৰণ হয় যিয়ে মানৱ শৰীৰক স্থিৰ,চাপমুক্ত কৰি কুণ্ডলনী শক্তিৰ ৰূপক জাগ্ৰত কৰি তোলে।

দ্বিতীয় কৰণীয় ৰূপে শ্ৰীমদ্ভাগবত গীতা ৰ ৬নং অধ্যায়ৰ ১৭নং শ্লোকত কোৱা হৈছে যে” পৰিমিত আহাৰ আৰু প্ৰয়াস গ্ৰহণৰ লগতে নিয়মিত নিদ্ৰা আৰু জাগৰণে এজন লোকক সু-স্বাস্থ্যৰ অধিকাৰী কৰি তোলে।”বাহিৰা খাদ্যৰ পৰিবৰ্তে নিয়মিত সু-খাদ্য,নিদ্ৰাৰে এজন ব্যক্তিয়ে জাগ্ৰত দুখৰ সমাপ্তি কৰিবলৈ সক্ষম হয়।তদুপৰি পৰাপক্ষত ৮০% খাদ্য গ্ৰহণ কৰাৰ লগতে খাদ্য তালিকাত প্ৰচুৰ ফল-মূলে সকলোকে সু-স্বাস্থ্যৰ বাবে সাজু কৰি তোলে।

তৃতীয় কৰণীয় ৰূপে শ্ৰীমদ্ভাগবত গীতা ৰ ষষ্ঠ অধ্যায়ৰ ২২আৰু ২৪নং শ্লোকত উল্লেখ কৰা হৈছে”প্ৰতিদিনৰ যোগাভ্যাসৰ জৰিয়তে ৰোগ নিৰাময়”।শাস্ত্ৰ অনুসৰি অতুল বিশ্বাস আৰু একাগ্ৰতাৰে প্ৰতিদিনে কিছু সময় যোগাভ্যাসৰ দ্বাৰা নিজ মনক শক্তিশালী কৰি দুৰ্দশা মুক্ত কৰাটো এক দূৰদৰ্শী মনোভাব বুলি গণ্য কৰিব পাৰি।
চতুৰ্থতে যান্ত্রিকতাৰ এই সময়ত প্ৰতিজনে দিনক দিনে পাহৰি আহিছে যে জগতৰ সমস্তবোৰ প্ৰকৃতিৰে এক অংশ।সেয়েহে দুখ-সুখ-কষ্ট সকলো পৰিস্থিতিতে প্ৰকৃতিৰ সৈতে সহবাস অতি প্ৰয়োজন।বিশ্বায়নৰ লগত ফেৰ মাৰিবলৈ প্ৰতিজনে আজিৰ সময়ত ইণ্টাৰনেট ব্যৱহাৰ কৰে।লগতে কাপোৰ ধুবলৈ ৱাছিং মেচিন,গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এচি লগতে ফ্ৰীজৰ শীতল পানীয়ৰ আশ্ৰয় লোৱা ও দেখা পাওঁ।যাৰ ফলস্বৰূপে প্ৰতিজন লোকে আজি কৰ্কট আদিৰ দৰে মাৰাত্মক ৰোগৰ বশৱৰ্তী হোৱাৰ উপৰিও দিনক দিনে হেৰাই পেলাইছে ৰোগ প্ৰতিৰোধ ক্ষমতা।সেয়েহে সপ্তাহৰ ৪দিনৰ ১৫-২০মিনিট সময় প্ৰকৃতিৰ আশ্ৰয়ত যোগ সাধনা কৰাৰ লগতে গছৰ গুৰিত বহা অভ্যাসটো উত্তম বুলি বিবেচনা কৰা হয়।

সদৌ শেষৰ বাণী অনুসৰি প্ৰাপ্তিত কৃতজ্ঞতা প্ৰকাশ আৰু ভৱিষ্যত আৰু অতীতক সামৰি বৰ্তমানৰে জীৱনটো আগুৱাই নিলেহে দীৰ্ঘায়ু প্ৰাপ্ত কৰিব পাৰি।জন্মৰ পৰা বৰ্তমানৰ পৰ্য্যায়লৈ সকলো প্ৰাপ্তিৰ বাবে ভগৱানক ধন্যবাদ জনোৱাৰ পৰা আদি কৰি সকলো শুভাকাংক্ষীকে ধন্যবাদ জনাই জীৱনটো আগুৱাই নিলে বিষাদে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে।ভেদাভেদ পাহৰি সৰু বৰ সকলোকে উৎসাহ প্ৰদান কৰাৰ উপৰিও ভয় প্রাপ্ত হোৱাৰ পৰিবৰ্তে সক্ৰিয় কৰ্মশক্তিৰে আগুৱাই গলেহে ভগৱানৰ চৰণত নিজকে সমৰ্পন কৰিব পৰাৰ লগতে জীৱনটো উদযাপনৰ সম্ভৱপৰ হৈ পৰে।

GTM Desk

Related