38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

মন্দিৰত ব্যৱহৃত টিলিঙাৰ বিষয়ে কিছু জানিব লগীয়া কথা

Assamese Newsমন্দিৰত ব্যৱহৃত টিলিঙাৰ বিষয়ে কিছু জানিব লগীয়া কথা

আমাৰ মন্দিৰটোত বা পূজা কৰা স্থানত বা ৰাজহুৱা মন্দিৰটোত আমি টিলিঙা দেখিবলৈ পাও।আমি পূজা কৰিবলৈ গ’লে এই টিলিঙাটো বজাও।আহকচোন আজি জানি লও আমি এই টিলিঙাটো কিয় বজাও।ইয়াৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা।

হিন্দুৰ শাস্ত্ৰত উল্লেখ থকা মতে পৃথিৱী সৃষ্টি হওতে এটা শব্দৰ সৃষ্টি হৈছিল।যিটো শব্দ দেৱতা আৰু দেৱী সকলৰ অত্যন্ত প্ৰিয় আছিল।সেইটোৱেই আছিল টিলিঙাৰ শব্দ।টং টং টং কৈ উঠা এই শব্দটোৱে আমাৰো মন পৱিত্ৰ কৰে।

মনৰ সমস্ত দুখ আৰু কলুষতা নাইকিয়া কৰি আমাৰ মনক শুদ্ধ কৰে।সেয়ে হয়তো ইয়াক মন্দিৰত ৰখা হয়।যেনেকৈ মন্দিৰলৈ গ’লে আমাৰ মনটো ভাল লাগে তেনেকৈ পূজা পাঠৰ সময়ত টিলিঙা ধ্বনিয়ে আমাৰ ষষ্ঠ ইন্দ্ৰিয়ক সজাগ কৰি মনত ভক্তি ভাৱ জগাই তোলে।কোৱা হয় টিলিঙা ধ্বনিয়ে সমস্ত নকাৰাত্মক শক্তিক দুৰ কৰি সকাৰাত্মক বাতাৱৰণৰ সৃষ্টি কৰে।

পূজা পাঠৰ সময়ত ইয়াৰ প্ৰমাণ নিশ্চয়কৈ পোৱা যায়।বিশ্বাস কৰা হয় যে এই টিলিঙাৰ শব্দত ভগবানৰ মূৰ্তিত প্ৰাণৰ সঞ্চাৰ হয়।সেয়েহে পূজা কৰাৰ সময়ত টিলিঙা বজোৱা হয়।বহুতো লোকে মন্দিৰত টিলিঙা দান কৰা দেখা যায়।মানুহে বিশ্বাস কৰে যে মন্দিৰত টিলিঙা দান কৰিলে পূণ্য অৰ্জন হয়।টিলিঙা মন্দিৰেই তাৰ উৎকৃষ্ট উদাহৰণ।

বহু লোকে ভাবে মহিলাই টিলিঙা বজাবলৈ পায় নে বুলি।মহিলাই টিলিঙা বজাবলৈ পায়।কাৰণ মন্দিৰলৈ মহিলা যেতিয়া যাব পায় সেয়েহে টিলিঙা বজাবলৈও পায়।মাহেকীয়া হোৱাৰ সময়ত যিহেতু মন্দিৰলৈ যোৱা নাযায় সেয়ে মাহেকীয়া হোৱাৰ সময়ত টিলিঙা বজাবলৈও নাপায়।টিলিঙাৰ শব্দত যিহেতু কাৰো একো বেয়া প্ৰভাব নপৰে সেয়ে নাৰী বা পুৰুষ সকলোৱে ঘণ্টাটো বজাব পাৰে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!