ভগৱান বুদ্ধৰ দৰ্শনৰ কিছু বহুমূলীয়া কথা, যাক অনুসৰণ কৰি হওক সফল
৫ মে’ শুকুৰবাৰে বুদ্ধ জয়ন্তী বা বুদ্ধ পূৰ্ণিমা।এই দিনটোতে ভগৱান বুদ্ধৰ জন্ম হৈছিল। তেওঁৰ বহুমূলীয়া কথা আমি জানো আহক।
১.ঘৃণাক ঘৃণাৰ দ্বাৰা নিৰ্মূল কৰিব নোৱাৰি, কিন্তু প্ৰেমৰ দ্বাৰাহে নিৰ্মূল কৰিব পাৰি যিটো স্বাভাৱিক সত্য।
২. আমি অতীতৰ লগত জড়িত হোৱা উচিত নহয় আৰু ভৱিষ্যতৰ বাবেও বেছি চিন্তা কৰা উচিত নহয়, বৰঞ্চ বৰ্তমানত জীয়াই থকা উচিত। এইটোৱেই হৈছে সুখেৰে জীয়াই থকাৰ পথ।
৩.ঘৃণা কেতিয়াও ঘৃণাৰ সৈতে শেষ হ’ব নোৱাৰে। ঘৃণাৰ অন্ত পৰিব পাৰে প্ৰেমৰ দ্বাৰাহে। এয়া এক স্বাভাৱিক সত্য।
৪.আপুনি যিমানেই কিতাপ পঢ়ক, যিমানেই ভাল ধৰ্মধ্বনি শুনাওক কিয়, জীৱনত গ্ৰহণ নকৰালৈকে সেইবোৰৰ কোনো কাম নহ’ব।
৫.যি মানুহে পঞ্চাশজন মানুহক ভাল পায়, তেওঁৰ পঞ্চাশটা সংকট। যিয়ে কাকো ভাল নাপায়, তেওঁৰ এটাও সংকট নাথাকে।
৬.বিবাদত খং উঠাৰ লগে লগে আমি সত্যৰ পথ এৰি দিও, নিজৰ বাবে চেষ্টা কৰিবলৈ আৰম্ভ কৰোঁ।