ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ উপায়

ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ উপায়

ভগৱান শ্ৰী গণেশ প্ৰথম পূজনীয় দেৱতা হয়।কোনো শুভ কাৰ্য্য কৰাৰ আগে-ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।এইদিনা বিধি-বিধানেৰে ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-ভগৱান শ্ৰী গণেশৰ কৃপাত-সকলো মনৰকামনা পূৰ্ণ হয়।

ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়-

ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে-

ভগৱান শ্ৰী গণেশৰ দুৱৰি অতি প্ৰিয়।ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলে-গণপতিক দুৱৰি বন অৰ্পণ কৰিব লাগে।যি ভক্তই ভগৱান শ্ৰী গণেশক  দুৱৰি বন অৰ্পণ কৰে-সেই ভক্তৰ সকলো মনৰকামনা পূৰ্ণ হয়।ভক্তই সদায়ে-গণপতিক দুৱৰি বন অৰ্পণ কৰিব পাৰে।যদি আপোনাৰ কাৰ্য্যত বাৰে-বাৰে বাধা আহিছে-তেতিয়া ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে।এনে কৰিলে-আপোনাৰ কাৰ্য্যত অহা বাধা দূৰ হয়।

ভগৱান শ্ৰী গণেশক সেন্দূৰ লগাব লাগে-

ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ তেওঁক সেন্দূৰ লগাব লাগে।সেন্দূৰ লগালে-গণপতি প্ৰসন্ন হয়।ভগৱান শ্ৰী গণেশক সেন্দূৰ লগোৱা পাছত-নিজৰ কপাঁলটো সেন্দূৰ লগাব লাগে।ভগৱান শ্ৰী গণেশক সেন্দূৰ লগালে-আৰোগ্য প্ৰাপ্তি হয়।আপুনি সদায়-ভগৱান গণপতিক সেন্দূৰ লগাব পাৰে।

ভগৱান গণেশক ভোগ লগাব লাগে-

ভগৱান শ্ৰী গণেশৰ-লাৰু আৰু মোদক অতিকে প্ৰিয়।সংকষ্ঠী চতুৰ্থী দিনা-ভগৱান শ্ৰী গণেশক লাৰু আৰু মোদকৰ ভোগ দিব লাগে।গণপতিক ভোগ লগোৱাৰ পাছত-প্ৰসাদ ৰূপে লাৰু আৰু মোদকৰ সেৱন কৰিব লাগে।

GTM Desk