25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

সোমবাৰৰ ব্ৰতৰ বিধি আৰু ব্ৰতৰ লাভ জানি লওক

Assamese Newsসোমবাৰৰ ব্ৰতৰ বিধি আৰু ব্ৰতৰ লাভ জানি লওক

সোমবাৰৰ উপবাস ভগৱান শিৱৰ ওপৰত পালন কৰা হয়।সোমবাৰৰ শব্দ-সংস্কৃতত সোম শব্দৰ পৰা অনা হৈছে।সোমবাৰৰ শব্দ সংস্কৃতৰ সোম শব্দৰ পৰা আহিছে।যাৰ অৰ্থ হৈছে-চন্দ্ৰমা।অৰ্থাৎ হিন্দু দেৱতা চন্দ্ৰ।

লগতে ভগৱান শিৱক সোমেশ্বৰ নামেৰে জনা যায়।কাৰণ মহাদেৱে নিজৰ জটাঁত অৰ্ধচন্দ্ৰাকাৰ চন্দ্ৰমাক ধাৰণ কৰে।সোমবাৰৰ ব্ৰত-ভগৱান সোমেশ্বৰক প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা কৰা হয়।আৰু ইয়াৰ দ্বাৰা মনৰকামনাও পূৰ্ণ হয়।এই ব্ৰত কোনো সোমবাৰে পালন কৰা হয়।কিন্তু হিন্দু কেলেণ্ডাৰত বিশেষ সোমবাৰৰ কথা কোৱা হৈছে-যত অমাৱশ্যৰ সোমবাৰৰ বহুত লোকপ্ৰিয় আছে।কোনো মাহৰ অমাৱশ্যাৰ পাছত-প্ৰথম সোমবাৰ বহুত লোকপ্ৰিয় হয়।যেতিয়া চন্দ্ৰ দিৱস বা অমাৱশ্যা সোমবাৰ নপৰে-তেতিয়া সোমবাৰৰ ব্ৰত কৰাটো বহুত শুদ্ধ মনা হয়।এয়াক সোমৱতী অমাৱশ্যাও কোৱা হয়।

সোমবাৰৰ ব্ৰতৰ পালন-ভাৰতৰ বিভিন্ন ৰাজ্যত বেলেগ-বেলেগ ধৰণে কৰা হয়।মহাৰাষ্ট্ৰ-গুজৰাট আৰু ভাৰতৰ উত্তৰী ৰাজ্যত-হিন্দু মাহ শাওণ আৰু গ্ৰেগ্ৰৰিয়ন কেলেণ্ডাৰৰ অনুসাৰে জুলাই পৰা আগষ্ট লৈ কৰে।দক্ষিণ ভাৰতীয় ৰাজ্য-কৰ্ণাটক আৰু- অন্ধ্ৰ প্ৰদেশত হিন্দু মাহ কাতি মাহত পৰা সোমবাৰক শুভ মনা হয়।ভাৰতৰ তামিলনাডু ৰাজ্যত-তামিল মাহ কাৰ্তিগই(নৱেম্বৰ-ডিচেম্বৰ) মাহৰ সোমবাৰৰ দিন শুভ মনা হয় আৰু এয়াক-কাৰ্তিকই সোমবৰম ৰূপে পালন কৰা হয়।

সোমবাৰৰ ব্ৰত বিধি-

সোমবাৰৰ ব্ৰত সোমবাৰৰ দিনা সূয্যদয় পৰা আৰম্ভ হয়।এই ব্ৰত পালন কৰা সকলে-পুৱা উঠি মহাদেৱৰ ধ্যান কৰিব লাগে।স্নান আদি কৰাৰ পাছত-ভক্তসকলে প্ৰাৰ্থনাৰ দ্বাৰা পূজা-অৰ্চনা মহাদেৱ আৰু দেৱী পাৰ্ৱতীক অৰ্পণ কৰে।লগতে যিয়ে এই ব্ৰত কৰে সেইজনা এইদিনা বগা ৰংৰ বস্ত্ৰ পৰিধান কৰিব লাগে।

এইদিনা মহাদেৱৰ বিশেষ পূজা কৰা হয়।প্ৰসাদ অৰ্পণ কৰা হয়।এই ব্ৰতৰ দিনা ভক্তসকলে শিৱৰ ভষ্ম,বেল পাত অৰ্পিত কৰে-কাৰণ মহাদেৱৰ প্ৰিয়।এইদিনা নৈবেদ্য বা বিশেষ ভোজনৰ প্ৰসাদ অৰ্পণ কৰা হয়।শিৱলিংগত বগা ফুল অৰ্পণ কৰাৰো বহুত মহত্ব আছে।

সন্ধিয়ালৈ-সোমবাৰৰ ব্ৰত কথা পঢ়া হয়।ভক্তসকলে সম্পূৰ্ণ দিন-ঔম নমাহ শিৱায়ঃ মন্ত্ৰটিৰ উচ্চাৰণ কৰে।সোমবাৰৰ ব্ৰত পালন কৰাজনে সম্পূৰ্ণ ৰূপে উপবাসে থাকিব পাৰে বা দুপৰীয়াৰ পাছত এবেলা ভোজন গ্ৰহণ কৰিব পাৰে।ভক্তসকলে চাবুদানাৰ খিচিৰি বা ফল গ্ৰহণ কৰিও আংশিক উপবাসে থাকিব পাৰে।

ভক্তসকলে পুৱাৰ সামান্য অনুষ্ঠান আৰু প্ৰাৰ্থনা কৰাৰ পাছত-পাছদিনা নিজৰ উপবাস সমাপ্ত কৰে।তাৰপাছত প্ৰসাদ বিতৰণ কৰে।সোমবাৰৰ ব্ৰত কৰাজনে পুৱা বা গধূলী কোনো শিৱ মন্দিৰলৈ যায়।যদি এয়া সম্ভৱ নহয়-তেন্তে ঘৰতে প্ৰাৰ্থনা কৰে।

সোমবাৰৰ ব্ৰতৰ লাভ-

সোমবাৰৰ ব্ৰতত সকলোৰে লাভ হয়।কিন্তু অবিবাহিত কন্যাই ভাল স্বামী পাবলৈ-সোমবাৰৰ ব্ৰত পালন কৰে।বিবাহিত জোৰাইও এই ব্ৰত পালন কৰে আৰু শিৱ আৰু পাৰ্ৱতীৰ দিব্য জোৰাৰ প্ৰাৰ্থনা কৰে।আৰু শান্তিপূৰ্ণ পাৰিবাৰিকৰ মনোৰকামনা কৰে।এনে কোৱা হয় যে-সোমবাৰৰ ব্ৰত পালনকৰ্তা জনক-পৃথিৱীৰ সকলো সুখৰ আনন্দ লভিবলৈ আৰ্শীবাদ প্ৰাপ্ত হয়।এই ব্ৰতৰ দ্বাৰা ঘৰত সদায়ে শান্তি বৰ্তি থাকে আৰু সুখ থাকে।আৰু এইবাবেই অগণন ভক্তই সোমবাৰৰ ব্ৰত পালন কৰে।

সোমবাৰে কি কি নিয়ম মানিব লাগে।

সোমবাৰ হৈছে মহাদেৱক আৰাধনা কৰাৰ দিন। হিন্দু ধৰ্মত সোমবাৰৰ দিনটো মহাদেৱক অৰ্পণ কৰা হৈছে। সেয়ে বহুতো লোকে সোমবাৰে শিৱৰ ব্ৰত পালন কৰে। শিৱৰ ব্ৰত ৰখা মানে, দিনটোত এবাৰ বা দুবাৰ খাদ্য নোখোৱাতোৱে নহয়। ইয়াৰ কিছুমান নীতি নিয়ম আছে, যিবোৰ আপুনি পালন কৰাটো প্ৰয়োজন। লোকবিশ্বাস অনুসৰি এই দিনটোত কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে। ধৰি লোৱা হয়, সোমবাৰৰ দিনত সাপ মাৰিব নাপায়। যিয়ে সয়তো লোকবিশ্বাস অনুসৰি আপোনাৰ জীৱনলৈ অমংগল কঢ়িয়াই আনিব পাৰে।

আনহাতে সোমবাৰৰ দিনটোত আমিষ আহাৰ গ্ৰহণ কৰিব নালাগে। নিৰামিষ খাদ্য গ্ৰহণ কৰক। সপ্তাহৰ প্ৰথম দিন হলেও, এই দিনটোত দাড়ি, চুলি কাটিব নেপায় বুলি বহুতে মত ব্যক্ত কৰে। যদি আপুনি মহাদেৱৰ পূজা কৰে, তেন্তে জানি থওক যে, উপবাসে থাকি পূজা কৰক মহাদেৱক। পূজা শেষ হোৱাৰ আগে ভংগ নকৰিব উপবাস।

লোকবিশ্বাস অনুসৰি এনেকুৱা কৰ্ম কৰিলে কিছু শক্তি শান্তি লাভ কৰা দেখা যায় লগতে আপোনাৰ লগতে পৰিয়ালৰো মংগল সাধন হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!