শনিবাৰৰ দিনা‌ বীৰ হনুমানৰ পূজাৰ দ্বাৰা‌ এইসমূহ লাভ হয়

শনিবাৰৰ দিনা‌ বীৰ হনুমানৰ পূজাৰ দ্বাৰা‌ এইসমূহ লাভ হয়

শনিদেৱৰ পূজাত কেতিয়াও নকৰিব এইকেইটা ভুল।শনিদেৱ ভগৱান সূৰ্য আৰু মাতৃ ছায়াৰ পুত্ৰ।তেওঁ আদি দেৱ শংকৰৰ পৰা ন্যায় দেৱতাৰ আৰ্শীবাদ পাইছে।ই জনসাধাৰণৰ কৰ্মৰ ফল অনুসাৰে ফল প্ৰদান কৰে।শনি দেৱ স্বভাৱত অতি সহজ-সৰল কিন্তু আচৰণত খঙাল।শনিদেৱৰ লেহেমীয়া গতিৰ বাবে-এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰৱেশ কৰিবলৈ ডেৰ-দুবছৰ সময় লাগে।

শনিৰ মহাদশাৰ বাবে এজন ব্যক্তিৰ জীৱনত বিৰূপ প্ৰভাৱ পৰে।ইয়াৰ পৰা হাত সাৰিবলৈ শনিবাৰে মানুহে শনিদেৱক পূজা কৰিব লাগে।শনিদেৱক পূজা কৰাৰ সময়ত কিছুমান বিশেষ কথা মনত ৰাখিব লাগে।ভুল কৰিলে শনিদেৱৰ খং উঠে।আৰু সেই ব্যক্তিজনে পূজাৰ উপযুক্ত ফল নাপায়।

*শনি পূজাত এইবোৰ ভুল নকৰিব।

১)শনিদেৱৰ পূজাত ৰঙা ৰংৰ বস্তু ব্যৱহাৰ কৰিব নালাগে।এনে কৰিলে শনিদেৱৰ খং উঠে।আৰু শনিৰ ছাঁ পৰিলে মানুহৰ জীৱন যন্ত্ৰণাদায়ক হৈ পৰে।শনিদেৱে সূৰ্য আৰু মংগল দুয়োটাকে নিজৰ শক্ৰ বুলি গণ্য কৰে।গতিকে শনিবাৰে শনি পূজাত ৰঙা ৰংৰ কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।

২/শনিদেৱক পূজা কৰি থাকোতে শনিৰ চকুৰ ফালে চাব নালাগে।ইয়াৰ দ্বাৰা শনিদেৱৰ ক্ৰু-চকুৰ পৰা হাত সাৰিব পাৰি।কাৰণ শনিদেৱৰ কু-দৰ্শন আমাৰ জীৱনৰ প্ৰগতিত বাধা হৈ পৰে।সেয়ে শনিদেৱৰ পূজাৰ সময়ত শনিদেৱৰ ভৰিৰ ফালে চাব লাগে।

৩/ক’লা আৰু নীলা ৰং শনিদেৱৰ বৰ প্ৰিয়।সেয়ে এই ৰংৰ বাহিৰে শনিদেৱক শনিবাৰে আন কোনো ৰঙৰে পূজা কৰা উচিত নহয়।ৰঙা,হালধীয়া আৰু বগা ফুল শনিদেৱক আগবঢ়াব নালাগে।বগা তিল,ভাত,আগবঢ়াব নালাগে।

৪/শনিদেৱক পূজা কৰাৰ সময়ত মুখ’খন পশ্চিম দিশত হব লাগে।শনিদেৱক আন কোনো দিশলৈ মুখ কৰি পূজা কৰা উচিত নহয়।ইয়াৰ বাবে শনিদেৱৰ খং উঠে।

৫/শনিদেৱ-যিয়ে সূৰ্যক শক্ৰ বুলি গণ্য কৰে-সেইবাবে শনিবাৰে সূৰ্য উদয়ৰ আগতেই নহয়,সূৰ্য উদয়ৰ পাছত শনিদেৱক পূজা কৰিব লাগে।(সংগ্ৰহিত)

GTM Desk

Related