30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

কোলাত কণমানি কেচুৱা লৈ এগৰাকী মাতৃৰ কাতৰ আহ্বান “মুখ্যমন্ত্ৰী মহোদয় অলপ সহায় কৰক“

Assamese Newsকোলাত কণমানি কেচুৱা লৈ এগৰাকী মাতৃৰ কাতৰ আহ্বান “মুখ্যমন্ত্ৰী মহোদয় অলপ সহায় কৰক“

ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত বাঁহপৰা গাঁৱৰ এটা অসহায় পৰিয়ালৰ ৰূপা বৰুৱা নামৰ এগৰাকী মাত্‌য়ে কোলাত এটি ডেৰ বছৰীয়া কেচুৱা লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক জনালে কাতৰ আহ্বান “ মুখ্যমন্ত্ৰী মহোদয় আমাক অলপ সহায় কৰক “ ৷ নিজৰ স্বামীক বিগত এটা বছৰে ঘৰৰ সাচতীয়া আৰু আ অলংকাৰ বিক্ৰী / বন্ধকীত থৈ ঢকুৱাখনা, ধেমাজি, ডিব্ৰুগড় আদিত চিকিৎসা কৰি লাওলোৱা হৈয়ো কোনো সু ফল নাপায় গাঁৱৰ ৰাইজ, আত্মীয় কুটুম্বৰ আৰু শুভাকাংক্ষীৰ সহযোগত কেইটামান টকা জোগাৰ কৰি আজি গুৱাহাটীৰ মেডিকেল কলেজলৈ লৈ যোৱা বুবু বৰুৱা (৩৮) নামৰ লোকজনৰ চিকিৎসাৰ বাবে এইদৰে মুখ্যমন্ত্ৰী গৰাকীক জনালে কাতৰ আহ্বান ৷ কোনোমতে দিন হাজিৰা আৰু ট্ৰাকত কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰি থকা ৪ জনীয়া পৰিয়ালটোৰ মুল মানুহজনৰ দুয়োটা কিডনী বিকল হোৱাত যোৱা এটা বছৰে চিকিৎসাৰ নামত লাওলোৱা হৈ দশোদিশ অন্ধকাৰ দেখা দুটা সন্তানৰ মাত্‌ গৰাকীক কোনো লোকে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ ঢকুৱাখনা শাখাৰ 7021026004964 আই এফ চি PUNBORRBAG8 নম্বৰত বা 8472062530 নং মোবাইল নন্বৰত মহিলা গৰাকীৰ লগত যোগাযোগ কৰিব পাৰিব বুলিও জানিবলৈ দি সহায় আহ্বান জনাইছে মাত্‌ গৰাকীৰ লগতে সৰ্বহাৰা পৰিয়ালটোৱে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!