30.2 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

শনিবাৰৰ দিনা‌ বীৰ হনুমানৰ পূজাৰ দ্বাৰা‌ এইসমূহ লাভ হয়…

Assamese Newsশনিবাৰৰ দিনা‌ বীৰ হনুমানৰ পূজাৰ দ্বাৰা‌ এইসমূহ লাভ হয়...

যতে শনিদেৱৰ মন্দিৰ থাকে-সেই ঠাইত কিছু দূৰত বীৰ হনুমান বিৰাজমান থাকে।শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা হয়।কোৱা হয় যে-ইয়াৰ দ্বাৰা শনিদেৱ প্ৰসন্ন হয়।

*হিন্দু ধৰ্মত প্ৰতি দিনে-কোনোবা এজন দেৱী-দেৱতাৰ ওপৰত সমৰ্পিত কৰা হয়। শনিবাৰৰ দিনা-শনিদেৱৰ ওপৰত সমৰ্পিত।কিন্তু শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা হয়।মান্যতা অনুসাৰে-শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰিলে-শনিদেৱ অত্যন্ত প্ৰসন্ন হয় আৰু ইয়াৰ দ্বাৰা ভক্তসকলৰ শনি সম্বন্ধিত সকলো কষ্ট দূৰ হয়।

*বীৰ হনুমান আৰু শনিদেৱৰ কথাৰে-

*বীৰ হনুমান আৰু শনিদেৱৰ এই কথা ত্ৰেতাযুগৰ ৰামায়ণৰ লগত জড়িত। কথা অনুসাৰে-বীৰ হনুমানে-ৰামৰ আদেশ পায়,সীতা মাতাক বিচাৰি লংকা পালেগৈ,তেতিয়া লংকাত দেখা পালে যে-ৰাৱণে লংকাত, শনিদেৱক বন্দী কৰি ৰাখিছে।আৰু ওলোটাই বান্ধি ৰাখিছে।

শনিদেৱৰ এই অৱস্থা দেখা পায়-পৱনপুত্ৰ হনুমানে-শনিদেৱক ৰাৱণৰ বন্দী শালৰ পৰা মুক্তি কৰিলে।বীৰ হনুমানৰ পৰা এই সহায় পায়-প্ৰসন্ন হৈ শনিদেৱে হনুমানক বৰ বিচাৰিবলৈ কলে।তেতিয়া বীৰ হনুমানে কলে যে-আজিৰেপৰা যি-ভক্তই শনিবাৰৰ দিনা-মোৰ পূজা কৰিব-সেইজনক আপুনি কেতিয়াও অশান্তি নকৰিব।শনিদেৱো-হনুমানৰ এই কথাত মান্তি হল।তেতিয়াৰেপৰা শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা হয়। কোৱা হয় যে-শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰা জনৰ ওপৰত শনিদেৱৰ কৃপা থাকে।

*শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজাৰ দ্বাৰা-এইসমূহ লাভ হয়।

*যদি আপোনাৰ কুণ্ডলীত শনি গধূৰ হৈ আছে,বা আপোনাৰ পৰা ৰুষ্ট হৈ আছে,শনি চাৰেচাটি,বা শনিৰ মহাদশাৰ বাবে-আপুনি সমস্যাত আছে-তেন্তে আপুনি শনিবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰিব লাগে। হনুমানৰ পূজাৰ দ্বাৰা-আপুনি এই সকলো কষ্টৰ পৰা মুক্তি পাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!