মংগলবাৰৰ পূজাৰ দ্বাৰা বীৰ হনুমান প্ৰসন্ন হয়..

1 min read

বীৰ হনুমান-এজন এনে দেৱতা হয় যি-কলিযুগতো এই পৃথিৱীত বিৰাজমান হৈ আছে।ভগৱান হনুমানৰ পূজা আৰাধনা কৰিলে-মনুষ্যৰ সকলো ধৰণৰ ভয়ৰ পৰা-মুক্ত হয়।

বীৰ হনুমানৰ পূজা কৰিলে-আত্মবিশ্বাস বৃদ্ধি হয়।বহুলোকে হনুমান চালিশা পাঠ কৰে।হনুমান চালিশা লাভজনক হয় লগতে-বজৰংগ বাণৰ পাঠ কৰিলে-ইয়াৰ দ্বাৰা ভক্তসকলৰ-বজৰংগবলীৰ অসীম কৃপা প্ৰাপ্ত হয়।মংগলবাৰৰ দিন-বীৰ হনুমানৰ ওপৰত সমৰ্পিত হয়।মংগলবাৰৰ দিনা-বীৰ হনুমানৰ পূজা কৰিলে-বিশেষ পূণ্য প্ৰাপ্ত হয়।এনে মনা হয় যে-মংগলবাৰৰ পূজাৰ দ্বাৰা-বীৰ হনুমান প্ৰসন্ন হয় আৰু নিজৰ ভক্তসকলৰ মনৰকামনা পূৰ্ণ কৰে।

বীৰ হনুমানৰ পূজাৰ বিধি-

১/প্ৰাত কালত-স্নান-ধ্যানৰ পৰা নিবৃত্ত হয়-ব্ৰতৰ সংকল্প লব লাগে আৰু পূজাৰ যোগাৰ কৰিব লাগে।

২/নিত্য কৰ্মৰ পৰা নিবৃত্ত হয়-বীৰ হনুমানৰ মূৰ্তি বা ফটোত-ৰঙা বা হালধীয়া কাপোৰ পাৰি-কাঠৰ পিড়া পাৰি-নিজে শুদ্ভ বস্ত্ৰ পৰিধান কৰি-আসনত বহিব লাগে।

৩/হনুমানৰ মূৰ্তিক স্নান কৰাব লাগে-যদি ফটো হয়-ফটোখন ভালদৰে চফা কৰি লব লাগে।ইয়াৰ পাছত-ধূপ-দীপ প্ৰজলিত কৰি-পূজা আৰম্ভ কৰিব লাগে।

৪/বীৰ হনুমানক অনামিকা আঙুলিৰে তিলক লগাব লাগে।সেন্দূৰ অৰ্পণ কৰিব লাগে।গন্ধ,চন্দন,আদি লগাব।তাৰপাছত হনুমানক মালা পিন্ধাব আৰু ফুল অৰ্পণ কৰিব।

৫/ভালদৰে পূজা কৰাৰ পাছত-বীৰ হনুমানক প্ৰসাদ বা নৈবেদ্য(ভোগ) অৰ্পণ কৰিব লাগে।নিমখ,জলকীয়া,আৰু তেলৰ প্ৰয়োগ-নৈবেদ্যত কৰিব নালাগে।

৬/অন্তত বীৰ হনুমানৰ আৰতি কৰিব লাগে।বীৰ হনুমানৰ আৰতি কৰি-নেবৈদ্যক পুনৰ বীৰ হনুমানৰ সন্মুখত অৰ্পণ কৰিব লাগে আৰু অন্তত-প্ৰসাদ ৰূপে-সকলোৰে মাজত বিতৰণ কৰি দিব লাগে।

You May Also Like

More From Author